অসম

assam

By

Published : Sep 21, 2020, 2:17 PM IST

ETV Bharat / state

দিহিংমুখত হঠাৎ মাছৰ উজান

দিহিংমুখত সোমবাৰে একেলগে প্ৰায় 100 ৰো অধিক লোকৰ সমাগম ৷ মাছৰ উজান উঠাত সোমবাৰে পুৱাই ব্যস্ত হ'ল মাছ ধৰাত দিহিং মুখৰ ৰাইজ ৷ দিহিংমুখ অঞ্চলৰ লাইবিল-মিৰিপথাৰ জানত বাট', কুৰি, ৰৌ পোৱালী আদি ভিন্ন প্ৰজাতিৰ মাছৰ উজান ৷

দিহিংমুখত হঠাৎ মাছৰ উজান
দিহিংমুখত হঠাৎ মাছৰ উজান

ডিব্ৰুগড়, 21চেপ্তেম্বৰ: মাছে উজান দিয়া আৰু সকলোৱে একেলগ হৈ জাল-জুলুকী, জাকৈ-খালৈ লৈ মাছলৈ যোৱা অসমৰ গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে এখন অতি পৰিচিত ছবি ৷ মাছে উজান দিয়া কথাটো যেন দিহিংমুখবাসীৰ বাবে অতি পৰিচিত শব্দ ৷ মাছে উজান দিয়াত মাছৰ নগৰী ৰূপে খ্যাত বৃহত্তৰ দিহিংমুখত সোমবাৰে একেলগে প্ৰায় 100 ৰো অধিক লোকৰ সমাগম হোৱা পৰিলক্ষিত হ'ল ৷ কৰ'ণা মহামাৰীৰ প্ৰকোপত জুৰুলা হৈ একপ্ৰকাৰ হাঁহিবলৈ পাহৰা দিহিংমুখবাসীৰ মুখত যেন সোমবাৰে বহুদিনৰ মূৰত আকৌ হাঁহি বিৰিঙি উঠিল ৷

দিহিংমুখত মাছৰ উজান

সোমবাৰে মৰাণৰ সমীপৰ নিতাই পুখুৰীৰ ঐতিহ্যমণ্ডিত দিহিংমুখত হঠাৎ ভিন্ন প্ৰজাতিৰ মাছৰ উজান উঠাত পুৱাই দিহিংমুখৰ ৰাইজ ব্যস্ত হ'ল মাছ ধৰাত ৷ সকলোৰে মুখত হাঁহি, কাৰণ নৈপৰীয়া ৰাইজে প্ৰতি বছৰেই মাছ উজান ধৰা দিনটোলৈ আগ্ৰহেৰে বাট চাই থাকে ৷ সোমবাৰে দিহিংমুখ অঞ্চলৰ লাইবিল-মিৰিপথাৰ জানত বাট', কুৰি, ৰৌ পোৱালী আদি ভিন্ন প্ৰজাতিৰ হাজাৰ হাজাৰ মাছে উজান দিয়ে। ইয়াৰ লগে লগে একাংশ ৰাইজে হাতে হাতে জাল লৈ মাছ ধৰাত ব্যস্ত হোৱাৰ লগতে বহুতে মাছ ধৰা উপভোগ কৰাও দেখিবলৈ পোৱা গ'ল । উজানৰ মাছ কম দামতে ক্ৰয় কৰাৰ বিপৰীতে জালত ১০ কেজিৰ পৰা ২৫ কেজি পৰ্যন্ত মাছ ধৰিবলৈ সক্ষম হয় দিহিংপৰীয়া ৰাইজ ।

লগতে পঢ়ক:মৰাণত পথ নিৰ্মাণকাৰ্যত ব্য়াপক অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details