মৰাণ,10 জুন : ক’ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বলৱৎ হৈ থকা সান্ধ্য আইনৰ সু্যোগ লৈ বিগত কিছুদিন ধৰি টেঙাখাট থানা(Tengakhat Police Station)ৰ অন্তৰ্গত কেইবাখনো গাঁৱত চোৰে উপদ্ৰৱ চলাই আহিছে ৷ এনে সময়তে বুধবাৰে নিশা টেঙাখাতৰ গন্ধিয়া গাঁৱৰ দুঘৰৰ পৰা মটৰ চাইকেল চুৰি হোৱা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
জানিব পৰা অনুসৰি, বুধবাৰে নিশা বাগ্ৰদিয়া চাহ ফেক্টৰী(Bagradia Tea Factory)ৰ কাষতে থকা ৰাজু বৰুৱাৰ ঘৰৰ গেটৰ তলা ভাঙি দুখন বাইক চোৰে চুৰ কৰি নিয়ে ৷ কিন্তু কে টি এম বাইকখন পথতে পেলাই থৈ গ্লেমাৰ বাইকখন লৈ যায় চোৰে ৷