মৰাণ, 6 মে’: দুলীয়াজান সমষ্টিৰ অন্তৰ্গত পুৰণি কৈৱৰ্ত গাঁৱত চোৰৰ উপদ্ৰপ । চোৰৰ উপদ্ৰপে এতিয়া ত্ৰাহি মধুসূদন সোধাইছে পুৰণি গাঁওবাসী ৰাইজক । পুৰণি গাঁৱৰ নিবাসী বাদল দাসৰ বাসগৃহৰ পৰা মঙলবাৰে নিশা চোৰে কৃষি কাৰ্যত ব্যৱহাৰ কৰা পানী মেচিনটো চুৰ কৰি উধাও হয় ।
দুলীয়াজানত চোৰৰ উপদ্ৰপে নিদ্ৰা হৰিছে গাওঁবাসীৰ
পুৰণি গাঁৱৰ নিবাসী বাদল দাসৰ বাসগৃহৰ পৰা মঙলবাৰে নিশা চোৰে কৃষি কাৰ্যত ব্যৱহাৰ কৰা পানী মেচিন চুৰি কৰি নিয়ে । এই সন্দৰ্ভত ভুক্তভোগী কৃষকৰ দুলীয়াজান আৰক্ষী থানাত দাখিল এজাহাৰ ৷
দুলীয়াজানত চোৰৰ উপদ্ৰপে নিদ্ৰা হৰিছে গাওঁবাসীৰ
কৃষি কার্যৰে পৰিয়াল পোহপাল দি থকা বাদল দাসে কৃষি কাৰ্যত ব্যৱহাৰ কৰা পানী মেচিনটো চুৰ হোৱাত মূৰে-কপাঁলে হাত দিবলগীয়া পৰিস্থিতি আহি পৰিছে ৷ এই সন্দৰ্ভত ভুক্তভোগী কৃষক জনে দুলীয়াজান আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷