অসম

assam

ETV Bharat / state

খোৱাঙৰ ব্যৱসায়ীয়ে নিজ মুখেৰে ব্যক্ত কৰিলে আক্ৰমণৰ কাহিনী - খোৱাং বোকাহোলা

ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে সন্ধিয়া খোৱাং বোকাহোলাৰ ব্যৱসায়ী পৰমানন্দ চৌধুৰীক ধন দাবী কৰে অচিনাক্ত দুৰ্বৃত্তই ৷

The victim tells about the whole event of demanding money
http://10.10.50.80:6060///finalout3/assam-nle/finalout/16-December-2020/9895719_hdfjgh.mp4

By

Published : Dec 16, 2020, 2:26 PM IST

মৰাণ, 16 ডিচেম্বৰ: মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ৰ খোৱাঙত ক্ৰমাৎ বৃদ্ধি পাইছে বন্দুক ধাৰি দুৰ্বৃত্তৰ দপদপনি ৷ মঙলবাৰে সন্ধিয়া ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ খোৱাং বোকাহোলাৰ পৰমানন্দ চৌধুৰী (৬৫) নামৰ ব্যৱসায়ীজনক ধনদাবী কৰাৰ লগতে হত্যাৰ চেষ্টা চলায় অচিনাক্ত দুৰ্বৃত্তই ৷

ভুক্তভোগী ব্যৱসায়ীজনে জনোৱা মতে, সন্ধিয়া প্ৰায় ৭ মান বজাত এজন অস্ত্ৰধাৰী যুৱকে ব্যৱসায়ী জনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰৱেশ কৰি তেওঁৰ পৰা টকা বিচাৰে ৷ ব্যৱসায়ীজনে টকা দিবলৈ অমান্তি হোৱাত দুৰ্বৃত্তটোৱে পৰমানন্দ চৌধুৰীক হত্যাৰ প্ৰচেষ্টা চলায় ৷ ব্যৱসায়ীজনে অতি কৌশলেৰে দুৰ্বৃত্তক গতা মাৰি বাহিৰলৈ ওলাই আহি চিঞৰ বাখৰ কৰাত যুৱকজনে পলায়ন কৰে ৷ এখন বাইকত অহা তিনিজন যুৱকৰ এজনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত সোমাই ধন দাবী কৰে ৷ স্থানীয় লোক আগবাঢ়ি অহাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে ৷ উল্লেখ্য যে, ২০১৭ চনতো এনেদৰে দুৰ্বৃত্তই ধন দাবী কৰিছিল ব্যৱসায়ীজনক ৷

সম্প্ৰতি ঘটনা সন্দৰ্ভত খোৱাং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও দুৰ্বৃত্তৰ দলটো ডকাইত নে উগ্ৰপন্থী সংগঠনৰ লোক আছিল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ এই ঘটনাৰ পাচতে এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত ৷

লগতে পঢ়ক:শিৱসাগৰৰ হালোৱাটিত পথ নিৰ্মাণত বাধা নগা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details