মাজুলী, 13 ছেপ্তেম্বৰ: যোৱা 8 ছেপ্তেম্বৰ তাৰিখে সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাত পতিত "মা-কমলা" নামৰ ফেৰীখনৰ মালিক পানীৰাম কলিতাক আটক ৷ সোমবাৰে ডিব্ৰুগড়ৰ হাস্পতালত ভৰ্তি হ’বলৈ গৈ থকা সময়ত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে "মা-কমলা" ফেৰীৰ মালিক পানীৰাম কলিতাক ৷ দেওবাৰে পানীৰাম কলিতাৰ পুত্ৰক নিজা ঘৰৰ পৰা সোধ-পোচৰ বাবে আৰক্ষীয়ে লৈ গৈছিল লগতে "মা কমলা" ফেৰীৰ কৰ্মচাৰী তিনি জনক আটক কৰিছিল ৷
"মা-কমলা" ফেৰীৰ মালিক পানীৰাম কলিতাক আটক - The owner of Maa Kamala ferry Paniram Kalita arrested
অৱশেষত আৰক্ষীৰ জালত পৰিল "মা-কমলা" নামৰ ফেৰীৰ মালিক পানীৰাম কলিতা ৷ ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পানীৰাম কলিতাক ৷
"মা কমলা" ফেৰীৰ মালিক পানীৰাম কলিতাক আটক
উল্লেখ্য যে, যোৱা 8 ছেপ্তেম্বৰ তাৰিখে নিমাতীঘাটত দুখন ফেৰীৰ মাজত হোৱা সংঘৰ্ষত 2 জন নিহত হোৱাৰ লগতে আহত হৈছিল প্ৰায় 70 জনৰো অধিক লোক ৷ লগতে বৰ্তমানেও সন্ধানহীন হৈ আছে বিক্ৰমজিৎ বৰুৱা নামৰ এজন চিকিৎসক ৷ উক্ত ঘটনাৰ পাছৰে পৰা পলাতক অৱস্থাত আছিল "মা-কমলা" নামৰ ফেৰী খনৰ মালিক পানীৰাম কলিতা ৷ অৱশেষত আৰক্ষীৰ জালত পৰিল ফেৰীৰ মালিকজন ৷
লগতে পঢ়কঃযাত্ৰীবাহী ভূটভূটি আৰু ফেৰী চলাচলত প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ
Last Updated : Sep 13, 2021, 8:49 PM IST