মৰাণ,21 মাৰ্চঃ27 মাৰ্চত প্ৰথম পৰ্যায়ত 47 টা সমষ্টিত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ তাকে কেন্দ্ৰ কৰি নিৰ্বাচনী সভাত প্ৰতিশ্ৰুতিৰ বন্যা বোৱা দেখিবলৈ পোৱা গৈছে ৷ কি শাসক কি বিৰোধী সকলোৱে ভোটাৰ ৰাইজৰ আকৃষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা দেখা গৈছে ৷ তাৰমাজতে দেওবাৰে মৰাণত বিধায়ক চক্ৰধৰ গগৈৰ হৈ গৰুধৰীয়াত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ৰাইজৰ আগত উপস্থাপন কৰা দেখা যায় ডঃ হিমন্ত বিশ্ব শৰ্মাক ৷
মন কৰিবলগীয়া যে, ৰাজ্যত মহিলাসকলে মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছে ৷ শেহতীয়াকৈ অসম বিধানসভাত মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে বিজেপি চৰকাৰে এখন বিধেয়ক গৃহীত কৰিছে ৷ যাতে মাইক্ৰ’ফাইনেঞ্চৰ কৰ্মচাৰীয়ে মহিলাসকলক হাৰাশাস্তি প্ৰদান নকৰাৰ লগতে ৰিজাৰ্ভ বেংকৰ যি সমূহ নীতি নিৰ্দেশনা আছে, সেইসমূহ মানি চলে ৷ তাৰপিছতো একাংশ মহিলাই যি সমূহ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লৈছিল, সেইসমূহ ৰেহাই কৰি দিয়াৰ বাবে চৰকাৰ ওচৰত দাবী জনাই আহিছিল ৷
বিজেপি চৰকাৰ আহিলে মাইক্ৰফাইনেঞ্চৰ ঋণ চৰকাৰে ঘুৰাই দিব ! উল্লেখযোগ্য যে, ৰাজ্যৰ গৰিষ্ঠ সংখ্যক মহিলাই এই মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ সৈতে জড়িত হৈ আছে ৷ সেয়ে নিৰ্বাচনৰ সময়ত মাইক্ৰ’ফাইনেঞ্চৰ বিষয়টোকে নিৰ্বাচনী প্ৰচাৰৰ বিষয় হিচাপে বিজেপি লোৱা দেখা গৈছে ৷ যাতে ৰাজ্যৰ মহিলাসকলক বিজেপিৰ প্ৰতি আকৃষ্ট কৰিব পাৰি ৷ দেওবাৰে মৰাণত নিৰ্বাচনী প্ৰচাৰ সভাত ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন চৰকাৰ আহিলে কম সূদত ঋণ দিয়া আৰু মহিলাসকলৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ চৰকাৰে ঘূৰাই দিব বুলি ঘোষণা কৰা দেখা যায় ৷ সময়তে লক্ষণীয় হ’ব মন্ত্ৰী গৰাকীৰ এই প্ৰতিশ্ৰুতি কিমান দূৰ কাৰ্যকৰী হয় ৷
ইপিনে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ কয় যে, কংগ্ৰেছ প্ৰাৰ্থীসকলৰ ফটোৰ পাছফালে বদৰুদ্দিন আজমলৰ ফটো থাকে ৷ একেদৰে কংগ্ৰেছে ১৫ বছৰে কৰিব নোৱাৰা কাম বিজেপি চৰকাৰৰ দিনত বিধায়ক চক্ৰধৰ গগৈয়ে ৫ বছৰত কৰিলে বুলিও প্ৰাৰ্থীগৰাকীৰ হকে প্ৰচাৰ চলাই মন্ত্ৰী শৰ্মাই ৷ গতিকে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিধায়ক চক্ৰধৰ গগৈক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃ টীয়কৰ বজাৰত নিৰ্বাচনী চৰ্চা...