অসম

assam

By

Published : Aug 23, 2019, 12:30 PM IST

ETV Bharat / state

কেনে আছে অসমৰ গ্ৰামাঞ্চলৰ উপ স্বাস্থ্য কেন্দ্ৰ সমহূৰ অৱস্থা ?

টিংখাঙৰ ধমন আৰু শালমাৰি পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলৰ ৰাইজক সাঙুৰি ২০১৪ চনত ১ কোটি ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ধমন-শালমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণৰ তিনি বছৰ উকলি যোৱাৰ পাচতো আজি পৰ্যন্ত নহ'ল মুকলি ৷

কেনে আছে অসমৰ গ্ৰামাঞ্চলৰ উপ স্বাস্থ্য কেন্দ্ৰ সমহূৰ অৱস্থা ?

টিংখাং, 23 আগষ্টঃ আজিও মুকলি নহ'ল ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টিংখাঙৰ ধমন-শালমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ টিংখাঙৰ ধমন আৰু শালমাৰি পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলৰ ৰাইজক সাঙুৰি ২০১৪ চনত ১ কোটি ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল উক্ত স্বাস্থ্য কেন্দ্ৰটো ৷ কিন্তু পৰিতাপৰ কথা যে নিৰ্মাণ সম্পূৰ্ণ হোৱা তিনিটা বছৰ উকলি যোৱাৰ পাচতো আজিলৈকে মুকলি নহ'ল স্বাস্থ্য কেন্দ্ৰটো ৷ মাত্ৰ দুগৰাকী ANM কৰ্মচাৰীয়ে অঞ্চলটোৰ ৰাইজক প্ৰদান কৰি আহিছে বিভিন্ন ৰোগৰ চিকিৎসা ৷ উল্লেখযোগ্য যে, অসমৰ গাঁৱে ভূঞে প্ৰায় 4000 উপস্বাস্থ্য কেন্দ্ৰ আছে ৷ গতিকে এনে প্ৰেক্ষাপটত ধমন-শালমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দৰেই অসমৰ আন আন উপ স্বাস্থ্য কেন্দ্ৰতো সংঘটিত হৈ আছে নেকি অনুৰূপ ঘটনা !

কেনে আছে অসমৰ গ্ৰামাঞ্চলৰ উপ স্বাস্থ্য কেন্দ্ৰ সমহূৰ অৱস্থা ?

ABOUT THE AUTHOR

...view details