মৰাণ,8 আগষ্ট: ক'ভিড পৰিস্থিতি কিছু সুস্থ হৈ উঠাৰ লগে লগেই চৰকাৰী আঁচনি ৰূপায়নত তৎপৰ হৈছে ৰাজ্যৰ মন্ত্ৰী বিধায়ক সকল ৷ দেওবাৰে মৰাণত প্ৰধান মন্ত্ৰী আৱাস যোজনা অধীনৰ জৰিয়তে গৃহ প্ৰৱেশ সমাৰোহ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিলে মন্ত্ৰী যোগেন মহনে ৷ মৰাণ পৌৰ সভাৰ 4 নং ৱাৰ্ডৰ শান্তিপুৰত 'প্ৰধান মন্ত্ৰী আৱাস যোজনা-চহৰাঞ্চল' গৃহ প্ৰৱেশ সমাৰোহৰ জৰিয়তে সুৰেন পাল নামৰ হিতাধিকাৰী গৰাকীৰ গৃহটি আনুষ্ঠানিকভাৱে তেঁওক অৰ্পন কৰা হয় ৷
উক্ত অনুষ্ঠানত অংশ লৈ মন্ত্ৰী যোগেন মহনে কয় যে,"বিজেপি চৰকাৰ সদায় দৰিদ্ৰ জনৰ লগত আছে ৷ দৰিদ্ৰ পৰিয়ালক চৰকাৰে পকী ঘৰ নিৰ্মাণ কৰি দেখুৱাই দিছে যে এই চৰকাৰ দৰিদ্ৰ জনৰ লগত আছে ৷" লগতে ভাৰতবৰ্ষত যাতে এটাও কেঁচা ঘৰ থাকিব নোৱাৰে তাৰ বাবে প্ৰধান মন্ত্ৰী মোডীয়ে ইতিমধ্যেই এক মিচন আৰম্ভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে ৷ আনহাতে নিজৰ সমষ্টিৰ সকলো ঘৰৰ কাম 15 আগষ্টৰ আগতেই শেষ কৰিবলৈ নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷