নাহৰকটীয়াত টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ - জয়পুৰ খণ্ড শিক্ষা
নাহৰকটীয়াৰ জয়পুৰ খণ্ড শিক্ষা বিষয়া কার্যালয়ৰ সম্মুখত ঠিকা ভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ ৷ চাকৰি - বেতন নিয়মীয়াকৰণৰ দাবীত সাব্যস্ত কৰা হয় প্ৰতিবাদ
নাহৰকটীয়া, 13 চেপ্তেম্বৰ : পুনৰ শ্ৰেণীকোঠা এৰি আন্দোলনত নামিল ৰাজ্যৰ শিক্ষক সমাজ । ৰাজ্যৰ 41 হাজাৰ টেট উত্তীৰ্ণ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি - বেতন নিয়মীয়াকৰণৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি টেট শিক্ষক সমাজে সাব্যস্ত কৰে প্ৰতিবাদ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰ খণ্ড শিক্ষা বিষয়া কার্যালয়ৰ সম্মুখত ঠিকা ভিত্তিক টেট শিক্ষক সমাজে প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে জয়পুৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে নিজৰ প্ৰাপ্যৰ অধিকাৰৰ দাবীত পুৱা 10.30 ৰ পৰা দুপৰীয়া 12.30 লৈ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে । প্ৰতিবাদকাৰী শিক্ষক সমাজে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে । শিক্ষক সমাজত শ্ৰেণী কোঠাৰ ভিতৰতে থাকিব দিয়ক, ৰাজপথত নামি শিক্ষক সমাজক আন্দোলন কৰিবলৈ বাধ্য নকৰাব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী টেট শিক্ষক সমাজে ।