মৰাণ,17 এপ্ৰিল: ৰাজ্যত দিনক দিনে বাঢ়িব ধৰিছে বন্যহস্তীৰ তাণ্ডৱ ৷ হাতী-মানুহৰ সংঘাতে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ৷ পূৰ্বৰ আমাজন দিহিং পাটকাইত ঠাই নোহোৱা হৈছে বনৰীয়া হাতীৰ ৷ ওচৰৰ অঞ্চললৈ এজাক বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ওলাই অহাত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত ৷ বিহুৰ আনন্দ-উল্লাসৰ মাজতে বনৰীয়া হস্তীৰ জাকে ওচৰৰ গাঁৱসমূহত মুক্ত বিচৰণ কৰাত ৰাইজ চিন্তিত হৈ পৰে ৷ দুলীয়াজানৰ ভাদৈ পাঁচআলিৰ নগাজানত প্ৰায় 7-8 টা বনৰীয়া হাতীৰ জাকক ৰাইজে অতি কষ্টেৰে খেদি পঠিয়াবলৈ সক্ষম হয় ।
দুলীয়াজানত বনৰীয়া হাতীৰ তাণ্ডৱ - আমাজন দিহিং পাটকাই
পূৰ্বৰ আমাজন দিহিং পাটকাইৰ ওচৰৰ অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ খাদ্যৰ নাটনিত বনৰীয়া হাতীৰ জাক এটা ওলাই আহি ওচৰৰ গাঁৱত মুক্ত বিচৰণ কৰাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় ।

দুলীয়াজানত বনৰীয়া হাতীৰ তাণ্ডৱ
দুলীয়াজানত বনৰীয়া হাতীৰ তাণ্ডৱ
উল্লেখ্য যে, দিহিং পাটকাই বনাঞ্চলত বন মাফিয়াই মুক্তভাৱে এফালৰ পৰা মূল্যবান গছ কাটি প্ৰকৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিততে বনাঞ্চলৰ পৰা ওলাই আহিছে জাকে জাকে বনৰীয়া হাতী । এই ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷
লগতে পঢ়ক : অসমত নতুনকৈ ৫৭৩ গৰাকী লোক ক'ৰনাত আক্ৰান্ত