চাবুৱা, 9 ছেপ্টেম্বৰ: চাবুৱাত সাম্প্ৰদায়িক বিষবাষ্পৰ ভয়াৱহ ৰূপ পোহৰলৈ আহিছে ৷ অসবৰ্ণ বিয়া কৰোৱাৰ বাবেই বিগত দহ বছৰে সমাজে এঘৰীয়া কৰি ৰাখিছে চাবুৱাৰ চেতিয়া গাঁৱৰ এটি পৰিয়ালক (Terrible form of communal poison in Chabua) ৷
যি সময়ত মানৱ জাতিয়ে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উচ্চ শিখৰত আৰোহন কৰিছে, যি সময়ত মানৱ জাতিয়ে নিজকে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰে সেই সময়তো অসমৰ বহু সংখ্যক গাঁৱত জাত-পাতৰ নামত সাম্প্ৰদায়িক বিষবাষ্প প্ৰবাহিত হৈ সমাজ কলুষিত হৈ আছে ।
বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমাজে কিছুসংখ্যক পৰিয়ালক এঘৰীয়া কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈ অহাৰ সময়তে চাবুৱাতো সংঘটিত হৈছে অনুৰূপ ঘটনা ৷
সমাজৰ একাংশ মানুহৰূপী অমানুহৰ ধৰ্মীয় গোড়ামীৰ বলি এটা নিৰ্দোষী পৰিয়াল ৷ পৰিয়ালটোৰ অপৰাধ হ'ল কৈৱৰ্ত সম্প্ৰদায়ৰ এগৰাকী যুৱতীক বিয়া কৰোৱা ৷ মটক সম্প্ৰদায়ৰ যুৱকে কৈৱৰ্ত সম্প্ৰদায়ৰ এগৰাকী যুৱতীক বিয়া কৰোৱাৰ বাবেই বিগত দহ বছৰে সমাজে এঘৰীয়া কৰি ৰাখিছে চাবুৱাৰ চেতিয়া গাঁৱৰ এটি পৰিয়ালক ৷ যুৱকজনৰ নাম হীৰকজ্যোতি ফুকন । 2013 চনতেই যুৱকজন বিবাহপাশত আবদ্ধ হৈছিল কৈৱৰ্ত সম্প্ৰদায়ৰ এগৰাকী যুৱতীৰ সৈতে ।