মৰাণ,8 মাৰ্চ: ৰাজ্যত এতিয়া নিৰ্বাচনী গৰম বতাহ ৷ সোমবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলৰে হেভীৱেট নেতাই ৷ আন কেইখন জিলাৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ 7 টা বিধানসভা সমষ্টিৰ আটাইকেইগৰাকী শাসক দলৰ প্ৰাৰ্থীয়ে সোমবাৰে মনোনয়ন দাখিল কৰা পৰিলক্ষিত হয় ৷
দুলীয়াজানত তেৰচ গোৱালাই দাখিল কৰিলে মনোনয়ন - Terosh Gowala filed nomination at Duliajan
সোমবাৰে ডিব্ৰুগড়ৰ 7 টা বিধানসভা সমষ্টিৰ আটাইকেইগৰাকী শাসক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ৷ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়েই শতাধিক দলীয় সৰ্মথকক লৈ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷
দুলীয়াজানত তেৰচ গোৱালাই দাখিল কৰিলে মনোনয়ন
উল্লেখ্য যে,নিৰ্বাচন আয়োগে কিছু নীতি নিয়ম নিৰ্ধাৰণ কৰি দিছে যদিও ডিব্ৰুগড়ত সোমবাৰে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়েই শতাধিক দলীয় সৰ্মথকক লৈ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷ আন সকলৰ দৰে তৈল নগৰী দুলীয়াজানত বিধায়ক তেৰচ গোৱালাই দ্বিতীয় বাৰৰ বাবে দাখিল কৰিলে মনোনয়ন ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন মংগলবাৰ অৰ্থাৎ 9 মাৰ্চ ৷