অসম

assam

By

Published : Feb 16, 2021, 8:25 PM IST

ETV Bharat / state

সাপেখাতীত নৱ বিৱাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যু

প্ৰেমৰ দিৱস হিচাপে বিখ্য়াত ভেলেন্টাইন দে'ৰ দিনটোতে চিপ লৈ থকা অৱস্থাত বোৱাৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে মৃত বোৱাৰী গৰাকীৰ পিতৃ পৰিয়ালে ৷ স্বামী পৰিয়ালৰ বিৰুদ্ধে সাপেখাতী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বোৱাৰী গৰাকীৰ পিতৃ পৰিয়ালে ৷

tens-situation-at-sapekhati-for-newly-married-bride-death
সাপেখাতীত নৱ বিৱাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যু

মৰাণ,16 ফেব্ৰুৱাৰী: চৰাইদেউৰ সাপেখাতীৰ 2 নং মৰাণহাবি গাঁৱত এগৰাকী নৱ বিৱাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য ৷ প্ৰেমৰ দিৱস হিচাপে খ্য়াত ভেলেন্টাইন দে'ৰ দিনটোতে চিপ লৈ থকা অৱস্থাত বোৱাৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে মৃত বোৱাৰী গৰাকীৰ পিতৃ পৰিয়ালে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে বোৱাৰী গৰাকীৰ পিতৃ পৰিয়ালে, স্বামী পৰিয়ালৰ বিৰুদ্ধে সাপেখাতী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

স্বামী পৰিয়ালৰ বিৰুদ্ধে সাপেখাতী আৰক্ষী থানাত এজাহাৰ

উল্লেখ্য যে,বিগত বৰ্ষৰ অক্টোবৰ মাহত চৰাইপুঙ আৰক্ষী থানা এলেকাৰ নগাহাট গাঁৱৰ দিলীপ গগৈৰ কণ্যা প্লাৱিতা গগৈ (১৯)য়ে ২ নং মৰাণহাবি গাঁৱৰ ৰাজীব ফুকনৰ একমাত্ৰ পুত্ৰ ৰণি ফুকনৰ সৈতে স্ব-ইচ্ছাৰে বিৱাহপাশত আৱদ্ধ হৈছিল ৷ তাৰ পিছৰে পৰা দুয়োয়ে সুন্দৰ ভাৱে অতিবাহিত কৰি আহিছিল সংসাৰ । অহা ২১ ফেব্ৰুৱাৰীত প্লাৱিতা আৰু ৰণিকৰ সামাজিক ভাৱে বিৱাহ অনুষ্ঠিত কৰাৰ উদ্দেশ্যে কইনাৰ ঘৰত চলাইছিল ব্যাপক প্ৰস্তুতি । কইনাৰ পিতৃ গৃহত বিৱাহৰ বাবে প্ৰয়োজনীয় সকলো সা-সামগ্ৰী বজাৰ কৰাকে ধৰি বিয়াৰ এক উদুলি মুদুলি পৰিৱেশ ৷ কিন্তু তাৰ মাজতেই দেওবাৰে সন্ধিয়া প্লাৱিতা গগৈৰ পিতৃ গৃহক ৰণি ফুকনৰ পৰিয়ালে জনাই যে, প্লাৱিতাৰ কিবা এটা হৈছে আৰু তেঁওক সাপেখাতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

সাপেখাতীত নৱ বিৱাহিতা বোৱাৰীৰ ৰহস্যজনক মৃত্যু

এই খবৰ পোৱাৰ পাছতে ততাতৈয়াকৈ সাপেখাতী চিকিৎসালয়ত উপস্থিত হয় প্লাৱিতাৰ পৰিয়ালৰ লোক ৷ কিন্তু তেতিয়ালৈ প্লাৱিতাক মৃত ঘোষণা কৰিছিল চিকিৎসকে ৷ স্বামী পৰিয়ালে জনোৱা অনুসৰি প্লাৱিতাই ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰিছে ৷ ইতিমধ্যে প্লাৱিতাৰ পৰিয়ালে সমগ্ৰ ঘটনাটোক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি কাষ চাপিছে আৰক্ষীৰ ৷

লগতে পঢ়কঃকোকৰাঝাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details