মৰাণ, 8 ফেব্ৰুৱাৰী : পাষাণ মাতৃৰ নিৰ্দয় কাণ্ড ৷ টকাৰ লালসাত জন্মদাত্ৰী মাতৃয়ে বিক্ৰী কৰিলে নিজ সন্তানক ৷ ডিব্ৰুগড়ৰ টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ অচিতপুৰ চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা ৷
জানিব পৰা মতে, অচিতপুৰ চাহ বাগিচাৰে এগৰাকী মহিলাই নিজৰ কন্যাক কঠালগুৰিৰ অজয় সোণোৱাল নামৰ এগৰাকী লোকক বিক্ৰী কৰে ১০,০০০ টকাত । পাষাণ্ড মাতৃগৰাকীয়ে নিজৰ সন্তানৰ লগতে বিক্ৰী কৰে আন 5 কিশোৰ-কিশোৰীকো ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰে তীব্ৰ চাঞ্চল্যই (Assam girls rescued in Arunachal) ৷
১০০০০ টকাৰ বিনিময়ত নিজ সন্তানক বিক্ৰী বহিঃৰাজ্যত পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে খবৰ দিয়ে ডিব্ৰুগড়ৰ টেঙাখাত আৰক্ষীক ৷
তাৰ পাচতেই ডিব্ৰুগড়ৰ টেঙাখাত আৰক্ষীয়ে চলাই অভিযান ৷ সোমবাৰে অৰুণাচলৰ ইটানগৰৰ পৰা উদ্ধাৰ কৰে অচিতপুৰ চাহ বাগিচাৰ পৰা নিৰুদ্দেশ হোৱা 5 কিশোৰ-কিশোৰীক (police rescue Assams 5 teenagers in Arunachal ) । লগতে টেঙাখাত আৰক্ষীয়ে এই চক্ৰটোৰ লগত জড়িত ৩ জন ব্যক্তিকো আটক কৰিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে, উদ্ধাৰ হোৱা কিশোৰ-কিশোৰী কেইটাক ডিব্ৰুগড়স্থিত মিলন নগৰ শিশু সুৰক্ষা শিবিৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ অৱশ্যে বৰ্তমানো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অপহৃত আন এগৰাকী কিশোৰক ৷ টেঙাখাত আৰক্ষীয়ে সদৰি কৰা অনুসৰি, বহিঃৰাজ্যত বনকৰা হিচাবে ৰখাৰ উদ্দেশ্যে বিক্ৰী কৰা হৈছিল কিশোৰ-কিশোৰী কেইটাক ৷
উল্লেখ্য যে, আৰক্ষীয়ে এই ক্ষেত্ৰত অব্যাহত ৰাখিছে নিজা তদন্ত ৷ লগতে অপহৃত আন এটা কিশোৰক উদ্ধাৰৰ বাবেও আৰক্ষীয়ে চলাই আছে অভিযান ।
লগতে পঢ়ক :Child rape at Kalgachia: 40 বছৰীয়া পুৰুষৰ কামনাৰ বলি এটি তিনি বছৰীয়া কণমানি