মৰাণ, ১২ ফেব্ৰুৱাৰী :টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ডিব্ৰুগড়ত টেঙাই মহন বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন (Tengai Mahan Award presented in Dibrugarh)। অসমৰ প্ৰথম অভিধান প্ৰণেতা টাই পণ্ডিত টেঙাই মহনৰ বঁটা এইবাৰ প্ৰদান কৰা হয় যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট বুদ্ধিজীৱি ড৹ দেৱব্ৰত শৰ্মাক (Principal of Jorhat College)।
অসমৰ প্ৰথম অভিধান প্ৰণেতা পণ্ডিত টেঙাই মহন বঁটা প্ৰথমবাৰ টাই পণ্ডিত, বুৰঞ্জীবিদ জ্ঞানানন্দ ফুকনক উক্ত বঁটা কৰাৰ পাছত এইবাৰ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড৹ দেবব্ৰত শৰ্মাক শনিবাৰে এই টেঙাই মহন বঁটা প্ৰদান কৰা হয় । ড৹ শৰ্মাই টেঙাই মহনৰ বৰপথাৰ দেওধাই গাঁৱত অজ্ঞাত অৱস্থাত থকা টেঙাই মহনৰ মৈদামস্থলী চিনাক্তকৰণ কৰাত আগভাগ লৈছিল । তেওঁ টেঙাই মহনক বৰ্তমান বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাত আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে।
এই বঁটাত মানপত্ৰ, আহোমৰ পুৰুষৰ সম্পূৰ্ণ সাজ আৰু নগদ দহ হাজাৰ টকা, এটা স্মাৰক প্ৰদান কৰা হয় । উক্ত বঁটা গ্ৰহণ কৰি ড৹ শৰ্মাই অসম সাহিত্য সভাই টেঙাই মহনক প্ৰথম অভিধান প্ৰণেতা হিচাপে স্বীকৃতি প্ৰদান নকৰাত আক্ষেপ প্ৰকাশ কৰে । ভাষা নিৰ্মাণ কৰা বিশিষ্ট বুদ্ধিজীৱিসকলক বৌদ্ধিক কাঠগড়ালৈ আনিব লাগে বুলি তেওঁ মন্তব্য কৰে । আনহাতে, টেঙাই মহনৰ নামত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এখন আসন সংৰক্ষণ কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক ড৹ দেৱব্ৰত শৰ্মাই আহ্বান জনায় (Appeal for reserves seat in name of Tengai Mohan) ।