মৰাণ, 31 জুলাই : হায় মানৱতা ! চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ শান্তিপুৰত কিশোৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে । মৰাণ শান্তিপুৰৰ নিবাসী নিৰূপম দাস নামৰ লোকজনৰ ঘৰত বনকৰা হিচাপে থকা এগৰাকী 15 বছৰীয়া কিশোৰীক দাসৰ পত্নী পিংকী শইকীয়াই পিঠিত গৰম পানী ঢলাৰ লগতে শাৰীৰিক ভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীয়ে (Minor Girl brutally tortured by owner)৷
কিশোৰীগৰাকীয়ে কোৱা অনুসৰি যোৱা শনিবাৰে কাম কৰি থকাৰ সময়তে পিছফালৰ পৰা গৰম পানী ঢালি দিয়ে পিংকী শইকীয়াই (Owner tortured housemaid) ৷ কিশোৰীগৰাকী যোৱাৰ প্ৰায় দুমাহৰ পৰাই পিংকীয়ে মাৰধৰ কৰিছিল ৷ কিন্তু এই কথা বাহিৰত অন্য লোকৰ আগত নকবলৈ ধমকি দিছিল কিশোৰগৰাকীক৷ এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বৰ দিনা পিংকীয়ে কিশোৰীগৰাকীক মাৰ ধৰ কৰাৰ বাবে পিঠিৰ বিষত কাম কৰিব পৰা নাছিল কিশোৰীগৰাকীয়ে ৷