অসম

assam

By

Published : Feb 27, 2021, 5:56 PM IST

ETV Bharat / state

শিক্ষক নিযুক্তি : ভোট বৰ্জনৰ হুংকাৰ নিযুক্তিৰ পৰা বঞ্চিত শিক্ষকৰ

শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ মুঠেও সন্তুষ্ট নহয় নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত (তৃতীয় পদৰ) সহকাৰী শিক্ষক সন্থা । বিজেপি চৰকাৰে অৱসৰ প্ৰাপ্ত শিক্ষক আৰু প্ৰয়াত শিক্ষকৰ নামতো নিযুক্তি পত্ৰ যুগুত কৰি তৃতীয় সহকাৰী শিক্ষকসকলক নিযুক্তিৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে সংস্থাটোৱে ।

pressmeet
pressmeet

ডিব্ৰুগড়, ২৭ ফেব্ৰুৱাৰী: শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত (তৃতীয় পদৰ) সহকাৰী শিক্ষক সন্থাই কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । শুকুৰবাৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি সংস্থাটোৱে ৰাজ্য চৰকাৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে । শিক্ষকসকলৰ অভিযোগ মতে, বিজেপি চৰকাৰে অৱসৰ প্ৰাপ্ত শিক্ষক আৰু প্ৰয়াত শিক্ষকৰ নামতো নিযুক্তি পত্ৰ প্ৰেৰণ কৰিছে ।

লগতে একেজন শিক্ষককে তিনিখন পৰ্যন্ত বিদ্যালয়ত নিযুক্তি দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে । ২০১৩ চনত বিদ্যালয় পদ প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰা প্ৰায় ৭০০ শিক্ষকক শেহতীয়াকৈ চৰকাৰে সম্পন্ন কৰা নিযুক্তি প্ৰক্ৰিয়াৰ পৰাও বঞ্চিত কৰা বুলি ক্ষোভ প্ৰকাশ কৰে শিক্ষকসকলে । অহা দুদিনৰ ভিতৰত এই সমস্যা সমাধান নকৰিলে ১ মাৰ্চত সমগ্ৰ ৰাজ্যৰ নিযুক্তিৰ পৰা বঞ্চিত শিক্ষকে গুৱাহাটীত প্ৰতিবাদ কৰিব বুলি সকীয়নি দিয়ে ।

শিক্ষক নিযুক্তিঃ ভোট বৰ্জনৰ হুংকাৰ নিযুক্তিৰ পৰা বঞ্চিত শিক্ষকৰ

আনহাতে, শিক্ষকসকলে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰাওতে চৰকাৰে কেবিনেটত সিদ্ধান্ত ল'ব বুলি আশ্বাস দিছিল । কিন্তু এই বিষয়টো কেবিনেটত আলোচনা কৰা নহ'ল বুলি ক্ষোভ প্ৰকাশ কৰি আগন্তুক নিৰ্বাচনত ভোট বৰ্জন আৰু নিৰ্বাচনী কতৰ্ব্য পালন কৰাৰ পৰা বিৰত থাকিব বুলি সকিয়াই দিয়ে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত (তৃতীয় পদৰ) সহকাৰী শিক্ষক সন্থাই ।


লগতে পঢ়ক:ডুমডুমাত ভাৰতীয় সেনাৰ ‘OP SADBHAVANA’ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details