ডিব্ৰুগড়, 24 আগষ্ট: ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত(2022 HSLC exam) এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ নোহোৱা ৩৪ খন বিদ্যালয় চৰকাৰে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে(Poor result school to close) ৷ এই খবৰৰ পিছতে মৰাণৰ এখন বিদ্যালয়ত শিক্ষক আৰু স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
বন্ধ কৰিব খোজা বিদ্যালয়সমূহৰ ভিতৰত মৰাণৰ সমীপৰ ১ নং শিলপুতাস্থিত ছাত্ৰী কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়খনো পৰিছে (School of Moran to close)। এই বিদ্যালয়খনৰ ২০২২ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হাৰ শূণ্য আছিল । ১৯৮২ চনত স্থাপিত হোৱা বিদ্যালয়খন স্বীকৃতি পাইছিল ১৯৯৩ চনত । তেতিয়াৰ পৰাই ছাত্ৰীসকলক শিক্ষাদান কৰি অহা হৈছিল । বৰ্তমান ৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে যদিও এগৰাকীয়েও পাৰিশ্ৰমিক নাপায় (Non provincialised school at Moran)।