অসম

assam

ETV Bharat / state

Teachers Workshop: শিশুক বিদ্যালয়মুখী কৰাৰ উদ্দেশ্যেৰে নাহৰকটীয়াত শিক্ষক কৰ্মশালা - ইফাএইডছ আঁচনি

"ৰাজ্য চৰকাৰে আদৰ্শ বিদ্যালয়সমূহ মুকলি কৰি যি তিনিশ টকাৰ মাচুল ধাৰ্য্য কৰিছে সেইয়া সংবিধান পৰিপন্থী কথা ৷ কাৰণ ভাৰতবৰ্ষৰ সংবিধানে শিক্ষাক অগ্ৰাধিকাৰ দিয়াৰ লগতে ৰাজহুৱা শিক্ষাৰ কাৰণে চৰকাৰক দায়িত্ব প্ৰদান কৰি থৈছে । আদৰ্শ বিদ্যালয়সমূহ মুকলি কৰিছে যদিও এই বিদ্যালয়সমূহত পৰ্য্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়া হোৱা নাই"- নাহৰকটীয়াত আয়োজিত এক শিক্ষক কৰ্মশালাত উপস্থিত থাকি এইদৰে মন্তব্য কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে ।

Teacher's Workshop organized by Assam State Primary Teachers Association in Naharkatia
শিশুক বিদ্যালয় মুখি কৰি তোলাৰ উদ্দেশ্যেৰে নাহৰকটীয়াত আয়োজন শিক্ষক কৰ্মশালা

By

Published : Aug 3, 2022, 12:16 PM IST

মৰাণ, 3 আগষ্ট:অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ নেতৃত্বত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তত্ত্বাৱধানত ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ আৰু জয়পুৰ শিক্ষাখণ্ডক সামৰি মংঙলবাৰে নাহৰকটীয়া কল্যাণী বিবাহ ভৱনত আয়োজন কৰা হয় এখনি শিক্ষক কৰ্মশালা (Teachers Workshop in Naharkatia )।

EFAIDAS আঁচনিৰ অধীনত অনুষ্ঠিত হোৱা এই কৰ্মশালাখনিৰ মূল উদ্দেশ্য হৈছে যি সকল শিশু বিদ্যালয়ৰ পৰা বৰ্হিভূত হৈছে বা আধাতে বিদ্যালয় এৰিছে সেইসকল শিশুক চিনাক্তকৰণ কৰি বিদ্যালয়মুখী কৰি তোলা ৷ এই উদ্দেশ্য সাফল্যমণ্ডিত কৰিবলৈ শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে ।

শিশুক বিদ্যালয় মুখি কৰি তোলাৰ উদ্দেশ্যেৰে নাহৰকটীয়াত আয়োজন শিক্ষক কৰ্মশালা

একেদৰে এইডছ ৰোগে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ তত্বাৱধানত আৰু অষ্ট্ৰেলিয়ান ইডুকেচন ইউনিয়নৰ পৃষপোষকতাত EFAIDAS আঁচনিৰ অধীনত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্য্যসূচী হাতত লোৱাৰ কথা সদৰি কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথে ।

আনহাতে "ৰাজ্য চৰকাৰে আদৰ্শ বিদ্যালয়সমূহ মুকলি কৰি শিক্ষাৰ্থীৰ বাবে যি তিনিশ টকাৰ মাচুল ধাৰ্য্য কৰিছে, এইয়া সংবিধান পৰিপন্থী কথা ৷ কাৰণ ভাৰতবৰ্ষৰ সংবিধানে শিক্ষাক অগ্ৰাধিকাৰ দিয়াৰ লগতে ৰাজহুৱা শিক্ষাৰ কাৰণে চৰকাৰক দায়িত্ব প্ৰদান কৰি থৈছে । আদৰ্শ বিদ্যালয়সমূহ মুকলি কৰিলে যদিও আদৰ্শ বিদ্যালয়সমূহত পৰ্য্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি নিদিয়াত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি এইদৰে মন্তব্য কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ (Assam State Primary Teachers Association) প্ৰধান সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক:Summer workshop: হোজাইত শংকৰী সংস্কৃতি আৰু বিহু নৃত্য প্ৰশিক্ষণৰ কৰ্মশালাৰ সফল সামৰণি

ABOUT THE AUTHOR

...view details