মৰাণ, 23 মাৰ্চ:লাকুৱাৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ । লাকুৱা ২ নং নাহৰহাবি বাগান প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ (Teacher accused of molestation at Lakua)। চৰাইদেউৰ লাকুৱা ২ নং নাহৰহাবি বাগান প্ৰাথমিক বিদ্যালয় ঘেৰাও কৰে অভিভাৱকে ।
সোমবাৰে সংঘটিত হয় এই ঘটনা । বৰ্তমান পলাতক অৱস্থাত থকা বিদ্যালয়খনৰ সহঃ শিক্ষকজনৰ নাম বিজয় ৰাজকোঁৱৰ । সহঃশিক্ষক বিজয় ৰাজকোঁৱৰে বিদ্যালয়খনৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । শিক্ষক বিজয় ৰাজকোঁৱৰে বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীক নাহৰহাবি মজলীয়া বিদ্যালয়লৈ আধাৰকাৰ্ড নিৰ্মাণ কৰিবলৈ লৈ গৈছিল । আধাৰকাৰ্ড নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাত বিজয় ৰাজকোঁৱৰে ভোক লাগিছে বুলি কৈ তেওঁৰ বাহনতে ছাত্ৰীগৰাকীকো কিবা খাবলৈ দিম বুলি লৈ যোৱাৰ কথা জানিবলৈ দিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ।