মৰাণ,৬ ছেপ্টেম্বৰ :আজি কৰম পূজা (Karam Puja)। চাহ জনগোষ্ঠীয় লোকৰ এক পৱিত্ৰউৎসৱ । ইতিমধ্যে অসম চৰকাৰেও কৰম পূজা উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰিছে (Karam Puja Assam 2022)। কিন্তু এই বিশেষ দিনটোতে প্ৰতিবাদমুখৰ হৈ পৰিল লাহোৱালৰ চাহ বাগিচা অঞ্চল ।
লাহোৱালৰ ধলাজানত চাহ শ্ৰমিকৰ প্ৰতিবাদ চৰকাৰে ঘোষণা কৰা বন্ধক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিক লৈ জাঙুৰ খাই উঠে চাহ শ্ৰমিকসকল (Confusion over Karam Puja govt holiday)। চৰকাৰে কৰম পূজাত বাগিচা বন্ধৰ নামত শ্ৰমিকক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে । কৰম পূজাত মজুৰিসহ ছুটীৰ পৰিৱৰ্তে 'বদলি ছুটী'ক লৈ জাঙুৰ খাই উঠিছে চাহ বাগিচাৰ শ্ৰমিকৰ লগতে শ্ৰমিক সংগঠনসমূহ ।
উল্লেখ্য যে কৰম পূজাৰ ছুটীৰ সলনি আন এদিন অতিৰিক্তভাৱে বাগিচাত কাম কৰিব লাগিব বুলি চৰকাৰে জাননী জাৰি কৰাৰ পাছতে ক্ষোভিত হৈ পৰে চাহ শ্ৰমিক আৰু সংগঠনসমূহ । শ্ৰমিকক ছুটী মঞ্জুৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত লাহোৱালৰ ধলাজানত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে । শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ মুৰ্দাবাদ ধ্বনিৰে চাহ মজদুৰ সংঘ আৰু অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতিয়ে পৰিৱেশ উত্তাল কৰি তোলে ।
চৰকাৰে চাহ শ্ৰমিকৰ কৰম বন্ধত সম্পূৰ্ণ ছুটীসহ দৈনিক মঞ্জুৰি আদায় নিদিলে পৰৱৰ্তী সময়ত চাহ শ্ৰমিকসকলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক :তিনিচুকীয়াত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ