ডিব্ৰুগড়,26 ছেপ্টেম্বৰ: শাৰদীয় দুৰ্গোৎসৱৰ বাবে অসম চাহ নিগম লিমিটেডৰ অধীনস্থ চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীক ২০% পূজা বানচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে (State govt 20% puja bonus to tea workers) । আটছা ডিব্ৰুগড় জিলা সমিতিয়ে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চাহ জনগোষ্ঠীয় সংগঠনসমূহে (All Assam tea student association reaction on puja bonus)৷
অসম চাহ নিগম লিমিটেডৰ অধীনস্থ চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীক ৰাজ্য চৰকাৰে ২০% পূজাৰ বানচ দিয়া সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি 20% বানচেৰে পূজাৰ কাপোৰ-কানি কিনাটো দূৰৰে কথা কোনোধৰণৰ অভাৱেই পূৰণ নহয় (AATSA reaction on puja bonus)৷ অত্যাৱশকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ সময়ত চৰকাৰে পূজাৰ বানচ 20%ৰ পৰিৱৰ্তে বৃদ্ধি কৰাৰ প্ৰয়োজন আছিল বুলি চাহ জনগোষ্ঠীয় সংগঠনসমূহে কয় ৷