অসম

assam

চেপন চাহ বাগিচাত চাহ মৰ্চাৰ কাৰ্যকৰ্তা সন্মিলন

By

Published : Dec 15, 2020, 10:00 AM IST

মৰাণ সমষ্টিৰ চেপন চাহ বাগিচাৰ বৰতানী প্ৰেক্ষাগৃহত চাহ মৰ্চাৰ কাৰ্যকৰ্তা সন্মিলন ৷ ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণ সমষ্টিৰ লৰুৱা আৰু খোৱাং মণ্ডলৰ চাহ মৰ্চাৰ যৌথ উদ্যোগত অনুষ্ঠিত এই সন্মিলন ৷ বিজেপিৰ বহুকেইগৰাকী নেতাৰ উপস্থিতিত এই সন্মিলন অনুষ্ঠিত হয় ৷

tea marcha meeting at Sepon tea estate
চেপন চাহ বাগিচাত চাহ মৰ্চাৰ কাৰ্যকৰ্তা সন্মিলন

মৰাণ, 15 ডিচেম্বৰ:ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণ সমষ্টিৰ লৰুৱা আৰু খোৱাং মণ্ডলৰ চাহ মৰ্চাৰ যৌথ উদ্যোগত চেপন চাহ বাগিচাৰ বৰতানী প্ৰেক্ষাগৃহত সোমবাৰে এখনি চাহ মৰ্চাৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হয়। উক্ত সন্মিলনীত বিজেপি ডিব্ৰুগড় জিলাৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰহ্লাদ গোৱালাসহ বিজেপি দলৰ বহু নেতাকৰ্মী তথা কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

শতাধিক লোকৰ উপস্থিতিত উক্ত সন্মিলনী অনুষ্ঠিত হয়

উল্লেখ্য় যে সমাগত 2021 ৰ নিৰ্বাচনলৈ লক্ষ্য কৰি ৰাজ্যৰ প্ৰতিটো সমষ্টিতে শাসক দল বিজেপিৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । দলীয় ভেটি শক্তিশালী কৰিবলৈ অন্যান্য ৰাজনৈতিক দল সমূহৰ সমান্তৰালকৈ শাসক দল বিজেপিয়েও অনুষ্ঠিত কৰিছে এটাৰ পাছত আন এটা দলীয় অনুষ্ঠান । শতাধিক লোকৰ উপস্থিতিত সোমবাৰে অনুষ্ঠিত চাহ মৰ্চাৰ এই কাৰ্যকৰ্তা সন্মিলন যেন তাৰেই প্ৰমাণ ৷ 2021 ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৰাজনৈতিক তৎপৰতাৰ পৰা ৰাজ্যৰ কোনো এটা সমষ্টিতে শাসক দল বিজেপিয়ে যে অন্য কোনো দলকে সুবিধা দিবলৈ বিচৰা নাই সেই কথা প্ৰায় স্পষ্ট হৈ পৰা পৰিলক্ষিত হৈ উঠিছে ৷

লগতে পঢ়ক:মৰাণৰ দিখাৰীত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

ABOUT THE AUTHOR

...view details