অসম

assam

By

Published : Jan 18, 2021, 9:09 PM IST

ETV Bharat / state

ডিব্ৰুগড়ত সহস্ৰাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদ

ডিব্ৰুগড়ত সহস্ৰাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ দীৰ্ঘ দিনৰে পৰা চৰকাৰক চাহ শ্ৰমিক সকলে বিভিন্ন দাবী উত্থাপন কৰি অহাৰ পাছতো চৰকাৰে চাহ শ্ৰমিক সকলৰ সমস্যা সমূহৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক সকলে ৷

tea-labour-protest-at-cms-home-town
ডিব্ৰুগড়ত সহস্ৰাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদ

মৰাণ, 18 জানুৱাৰী : ডিব্ৰুগড়ত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত সোমবাৰে এক বিশাল শ্ৰমিক গৰ্জন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ লগতে কেবাটাও দাবী উত্থাপন কৰি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে অসমৰ চাহ শ্ৰমিক সকলে ৷

ডিব্ৰুগড়ত সহস্ৰাধিক চাহ শ্ৰমিকৰ প্ৰতিবাদ

দীৰ্ঘ দিনৰে পৰা চৰকাৰক চাহ শ্ৰমিক সকলে বিভিন্ন দাবী উত্থাপন কৰি অহাৰ পাছতো চৰকাৰে চাহ শ্ৰমিক সকলৰ সমস্যা সমূহৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ ফলতে সোমবাৰে এইদৰেই বিশাল প্ৰতিবাদ সাব্যস্ত কৰি পুনৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ডিব্ৰুগড়ৰ চাহ শ্ৰমিক সকলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজ গৃহৰ কাষতেই বিশাল প্ৰতিবাদ কৰি অতি সোনকালে চাহ শ্ৰমিক সকলৰ দাবীসমূহ সমাধান কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক: অসম বিধানসভাৰ 13 শতাংশ বিধায়কৰ আছে অপৰাধজনিত গোচৰ

ABOUT THE AUTHOR

...view details