নাহৰকটীয়া, 7 ছেপ্টেম্বৰ :নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত বালিমৰা চাহ বাগিচাৰ শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে কৰ্তব্যত নিয়োজিত হোৱাৰ পৰিবৰ্তে বাগিচা কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাহ বাগিচাখনৰ ফেক্টৰী আৰু বাগিছাখন পৃথক মালিকাধীন হৈ দুটা ভাগত বিভক্ত হৈ থকাৰ ফলত জীয়াতু ভূগি অহা চাহ শ্ৰমিকসকলে সু-চিকিৎসা ব্যৱস্থা আৰু দৈনিক মজুৰি বৃদ্ধিৰ লগতে বাগিচাখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক খালী পদসমূহত নিয়োজিত কৰাৰ দাবীৰে বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বাগিচাৰ পৰিচালকক দুঘণ্টা আবদ্ধ কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ দাবী উত্থাপন কৰে ৷
উল্লেখ্য যে বাগিচাখনত শ্ৰমিকসকলৰ সমস্যাৰ ক্ষেত্ৰত মাত মতাৰ বিপৰীতে এজন আটছা নেতাই নিজৰ চৰিতাৰ্থ পূৰণ কৰি থকাৰ ফলতেই অধিক সমস্যাৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নাহৰকটীয়া শাখাৰ বিষয়ববীয়া শংকৰা তেলীয়ে বালিমৰা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে ষ্টাফ গ্ৰেড'ৰ চাকৰি কৰি থকা অৱস্থাত নিজৰ পত্নীকো মালিকৰ পৰা লিখাই অনা বুলি কৈ বাগিছা কাৰ্যালয়ত চাকৰিত ভৰ্তি কৰোৱাত অধিক উত্তেজিত হৈ পৰে প্ৰতিবাদকাৰী শ্ৰমিক আৰু বাগিচাখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকল ৷