অসম

assam

ETV Bharat / state

First woman tribal president of India : ডিব্ৰুগড়ত বিজয় উৎসৱ উদযাপন চাহ শ্ৰমিকৰ

দেশৰ প্ৰথমগৰাকী মহিলা জনজাতীয় ৰাষ্ট্ৰপতিৰ গৌৰৱ অৰ্জন দ্ৰৌপদী মুৰ্মুৰ (First woman tribal president of India Droupadi Murmu)। লগে লগে বিভিন্ন ৰাজ্যত জনজাতীয় লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । ডিব্ৰুগড়ৰ চাউলখোৱা চাহ বাগিছাত আদিবাসী চাহ জনগোষ্ঠীৰ শ্ৰমিকসকলে একত্ৰিত হৈ মিঠাই বিতৰণ কৰিলে ।

First woman tribal president of India
ডিব্ৰুগড়ত বিজয় উৎসৱ উদযাপন চাহ শ্ৰমিকৰ

By

Published : Jul 22, 2022, 2:15 PM IST

মৰাণ,২২ জুলাই :দেশৰ প্ৰথম নাগৰিক হোৱাৰ লগতে প্ৰথমগৰাকী মহিলা জনজাতীয় (First citizen of India Droupadi Murmu) ৰাষ্ট্ৰপতিৰো গৌৰৱ অৰ্জন কৰিলে দ্ৰৌপদী মুৰ্মুৱে । লগে লগে জনজাতীয় লোকসকলৰ মাজত ব্যাপক আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে । অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজতো উৎসাহ দেখিবলৈ পোৱা গৈছে ।

বিশেষকৈ অসমৰ চাহ বাগিছাৰ আদিবাসী অঞ্চলসমূহত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা । ডিব্ৰুগড়ৰ চাউলখোৱা চাহ বাগিছাত আদিবাসী চাহ জনগোষ্ঠীৰ শ্ৰমিকসকলে একত্ৰিত হৈ মিঠাই বিতৰণ কৰি ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন জনায় (Tea workers celebrates Vijay Utsav in Dibrugarh)। ইয়াৰ সমান্তৰালকৈ গুৱাহাটীৰ জি এম চি এইছত চিকিৎসাধীন হৈ থকা ডিব্ৰুগড় জিলাৰ লেপেটকটা চাহ বাগিছাৰ অস্থায়ী চাহ শ্ৰমিক মইনা নায়কৰ আৰোগ্যৰ কামনা কৰি সকলোৱে একত্ৰিত হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ।

উক্ত অনুষ্ঠানত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি নবীন কেওঁট, নিৰঞ্জন ৰাজোৱাকে ধৰি কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে । লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে এক সুষ্ঠ আৰু সৱল গণতান্ত্ৰিক ব্যৱস্থাৰ যোগেদি দেশখনক আগুৱাই লৈ যাব বুলিও আশা প্ৰকাশ কৰে লোকসকলে ।

লগতে পঢ়ক :Presidential Election 2022: দ্ৰৌপদী মুৰ্মুৰ বিজয়ত নাওবৈচাত উল্লাস

For All Latest Updates

ABOUT THE AUTHOR

...view details