ডিব্ৰুগড়, 21 জুলাই :‘‘মইনাক ভাল কৰি আনি দিয়ক ৷ আমি আপুনাক বিনতি কৰিছো ৷ আমাৰ হাতত টকাও নাই’’ ৷ বৃহস্পতিবাৰে আপৰ ৰাজ্যিক সহঃ সমন্বয়ক মনোজ ধানোৱাৰ মইনাৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত এই মন্তব্য কৰে মইনাৰ আত্মীয়ই ৷ মঙলবাৰে কলঘৰৰ CTC কাটিং মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মইনা নায়ক (Accident in Lepetkata tea estate)৷
তাৰ পাচতে মইনাৰ ঘৰত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ অতি সংকটজনক অৱস্থাত মইনাক GMCH লৈ প্ৰেৰণ কৰা হয় (Woman worker falls into machine at factory) ৷ ইয়াৰ পাচতেই লেপেটকটা চাহ বাগিচাৰ বৰলাইনৰ মইনাৰ বাসগৃহত সোঁত বৈছে বিভিন্ন ৰাজনৈতিক তথা দল-সংগঠনৰ নেতাৰ ৷ বৃহস্পতিবাৰে মইনাৰ বাসগৃহত উপস্থিত হয় আপৰ ৰাজ্যিক সহঃ সমন্বয়ক মনোজ ধানোৱাৰ আৰু আপৰ কিছু সদস্য ৷