টিংখাং, 9 মে’: ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক উপলুঙা একাংশ চাহ বাগিচাৰ মালিকৰ ৷ চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই দিনৰ 2 বজাৰ বিপৰীতে 4 বজালৈ চাহ শ্ৰমিকসকলৰ কাম কৰাৰ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন কৰিছে চাহ শ্ৰমিক সকলে ৷
ইফালে ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা । ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি দিনৰ 2 বজাৰ পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ কাৰ্যালয়, বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । টিংখাঙৰ লগতে অসমৰ একাংশ চাহ বাগিচাৰ কৰ্তৃপক্ষই এই নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ।