অসম

assam

ETV Bharat / state

মৰাণত ৰাজহ চক্ৰ কাৰ্যালয়ত চাহ শ্ৰমিকৰ প্ৰতিবাদ - মৰাণত ৰাজহ চক্ৰ কাৰ্যালয়ত চাহ শ্ৰমিকৰ প্ৰতিবাদ

শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত অসমৰ চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই ডিব্ৰুগড় জিলাৰ মৰাণত মৰাণ আৰু মাহমৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘন্টীয়া এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

মৰাণত চাহ শ্ৰমিকৰ প্ৰতিবাদ
মৰাণত চাহ শ্ৰমিকৰ প্ৰতিবাদ

By

Published : Feb 13, 2021, 4:30 PM IST

মৰাণ, ১৩ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । ৰাজনৈতিক নেতা-মন্ত্ৰী নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হোৱাৰ বিপৰীতে ৰাজ্যৰ ঠায়ে-ঠায়ে চাহ শ্ৰমিকে মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । শুকুৰবাৰে শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত অসমৰ চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই ডিব্ৰুগড় জিলাৰ মৰাণত মৰাণ আৰু মাহমৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

মৰাণত ৰাজহ চক্ৰ কাৰ্যালয়ত চাহ শ্ৰমিকৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে বিজেপি মুৰ্দাবাদ, বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি ৰূপায়ণ কৰক, কামাখ্যা প্ৰসাদ তাছা মুৰ্দাবাদ, পল্লৱলোচন দাস মুৰ্দাবাদ, সঞ্জয় কিষাণ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ৰামেশ্বৰ তেলী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে মৰাণৰ আকাশ-বঁতাহ কপাই তোলে ।

বিজেপি চৰকাৰে চাহ জনগোষ্ঠীক লৈ কোনো সৎ চিন্তা কৰা নাই বুলি মন্তব্য কৰি প্ৰতিবাদকাৰী সকলে লগতে অভিযোগ কৰে যে, বিজেপি চৰকাৰে শাসনলৈ অহাৰ পূৰ্বে চাহ জনজাতিৰ লোক সকলক যি প্ৰতিশ্ৰুতি দিছিল , সেই প্ৰতিশ্ৰুতি আজিকোপতি সম্পূৰ্ণ নকৰিলে ৷ যাৰ বাবে চাহ জনগোষ্ঠীৰ লোক সকলে নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব লগীয়া হৈছে ।

লগতে পঢ়ক:১৪ ফেব্ৰুৱাৰীত হোজাই ভ্ৰমণ মুখ্যমন্ত্ৰী সোণোৱালৰ

ABOUT THE AUTHOR

...view details