অসম

assam

ETV Bharat / state

মৰাণত টাই আহোম যুৱ পৰিষদৰ কৃষি বিপ্লৱ

ৰাজপথৰ আন্দোলনেই নহয়, এইবাৰ কৰ্মসংস্কৃতিৰ আন্দোলনত টাই আহোম যুৱ পৰিষদ (Tai Ahom Yuba Parishad) ৷ মৰাণত কৃষিকৰ্মত ব্যস্ত হৈছে টাই আহোম যুৱ পৰিষদ (Tai Ahom Yuba Parishad) ৷

ৰাজপথত নহয়, এইবাৰ পথাৰত আন্দোলন
ৰাজপথত নহয়, এইবাৰ পথাৰত আন্দোলন

By

Published : Jul 19, 2021, 11:46 AM IST

মৰাণ, 19 জুলাই : অসমৰ জনজীৱনত জাতীয় সংগঠনসমূহৰ ভূমিকা অপৰিসীম । কিন্তু আজিৰ দিনত বহুতে জাতীয় সংগঠনসমূহৰ কিছু কামক লৈ সমালোচনা কৰা পৰিলক্ষিত হয় । বহুতে সংগঠনসমূহে উঠি অহা প্ৰজন্মক ধ্বংস কৰা বুলিও অভিযোগ দিয়ে । তেনে সময়ত সকলো সমালোচনাক ওৰ পেলাই ৰাজপথৰ আন্দোলনেই নহয় এইবাৰ কৰ্মসংস্কৃতিৰেও আন্দোলন কৰিবলৈ নামি পৰিছে অসমৰ এটা সংগঠন ৷

অসমৰ চহা কৃষক এতিয়া ব্যস্ত খেতি পথাৰত ৷ সোণগুটি ৰোপণ কৰাৰ সময় এয়া ৷ এনে সময়তে টাই আহোম যুৱ পৰিষদ (Tai Ahom Yuba Parishad) চমুকৈ টাইপা (TAYPA)ৰ কৰ্মীসকলো ব্যস্ত হৈ পৰিছে কৃষিকৰ্মত ৷

ৰাজপথত নহয়, এইবাৰ পথাৰত আন্দোলন

যুৱচামক কৃষিৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে সংগঠনটোৰ পুঁজি শক্তিশালী কৰিবলৈ মৰাণৰ পথালিবাম তেলীয়াপথাৰত টাইপাৰ মৰাণ আঞ্চলিক সমিতি (Tai Ahom Yuba Parishad Moran Distric Committee)য়ে গাঁৱৰ ৰাইজৰ সহযোগত ২০ বিঘা খেতি পথাৰত ৰোপণ কৰিছে বিভিন্ন প্ৰজাতিৰ ধানৰ কঠিয়া ৷ কৰ্মসংস্কৃতিৰ যোগেদি অসমীয়া জাতিক অধিক শক্তিশালী কৰাৰ মানসেৰে এতিয়া সংগঠনটোৱে আৰম্ভ কৰিছে এই কৃষি বিপ্লৱ ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি উত্তম দিহিঙীয়াৰ নেতৃত্বত সংগঠনটোৱে কৰা এই কৃষিকৰ্মৰ শলাগ লৈছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :নৱোদয় বিদ্যালয়ৰ অধ্যক্ষক গছত বান্ধি প্ৰহাৰ সহ শিক্ষকৰ: ভিডিঅ’ ভাইৰেল

ABOUT THE AUTHOR

...view details