অসম

assam

ETV Bharat / state

Protest in Sonari:টাইপাৰ জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত উত্তাল সোণাৰি - taypa protest for st status in sonari

২৪ৰ লোকসভা নিবাৰ্চনৰ প্ৰকক্ষণত জনজাতিকৰণৰ প্ৰসংগই পুনৰ মূৰ দাঙি উঠিছে ৷ ইয়াৰ মাজতেই টাই আহোম সকলক জনজাতি মৰ্যদা প্ৰদানৰ দাবীত সোণাৰিত টাই আহোম যুৱ পৰিষদ অসমৰ উত্তাল প্ৰতিবাদ ।

TAYPA Demand Tribalization
টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 4:22 PM IST

টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

মৰাণ, ১৯ ছেপ্টেম্বৰ :টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবীত ৰাজ্য়জুৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ ৰাজ্যত জনজাতিকৰণৰ প্ৰসংগই মুৰ দাঙি উঠিছে । ইয়াকে লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে জনগোষ্ঠীয় দল- সংগঠন সমূহে । কিয়নো বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা পাছতো কাৰ্যকৰী নকৰাত জনজাতিকৰণক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠন সমূহে । ইয়াৰ মাজতেই মঙলবাৰে আহোম সকলক জনজাতি মৰ্যদা প্ৰদানৰ দাবীত সোণাৰিত টাই আহোম যুৱ পৰিষদ অসমৰ উত্তাল প্ৰতিবাদ ।

টাই আহোম সকলক জনজাতি মৰ্যদা আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে টাইপাৰ নেতা- কৰ্মীসকলে । নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে । টাই আহোমসকলক জনজাতিৰ মৰ্যদা প্ৰদান সন্দৰ্ভত এটাও প্ৰশ্ন উত্থাপন নকৰা সাংসদ তপন কুমাৰ গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাইৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াই । তেওঁ কয় যে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আহিছে । ইয়াৰ পিছতো কোনো এখন চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই ।

লগতে পঢ়ক:Assam CM wife Subsidy Controversy : মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰাজসাহাৰ্যক লৈ সত্য নিৰূপণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ গৌৰৱ গগৈৰ পত্ৰ

টাইপাইৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াই জনজাতি মৰ্য্যদা নিদিলে ৰাজনৈতিক বিকল্প গঢ়ি তোলাৰ হুংকাৰ দিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীত টাইপাৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াৰ লগতে চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:principal of Behali Degree College: বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জীৱন চন্দ্ৰ নাথৰ অকাল মৃত্যু, শোকস্তব্ধ বিহালীবাসী

ABOUT THE AUTHOR

...view details