মৰাণ,১৫ ছেপ্টেম্বৰ : ৪০ লাখ আহোমক সংগঠিত কৰি আহোমলেণ্ড দাবী কৰা অমূলক । ই কেতিয়াও সম্ভৱ নহয় (Ahomland demand is not possible)। এই মন্তব্য টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাণা ৰঞ্জন গগৈৰ (TAYPA AGS reaction on Ahomland)। টাইপা সংগঠনৰ পৰা পদত্যাগ কৰিয়ে এই বিস্ফোৰক মন্তব্য কৰে নেতাগৰাকীয়ে (TAYPA AGS Rana Ranjan Gogoi resigns)।
তেওঁ সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা মতে চাওলুং চুকাফাই বিভিন্ন জাতি-জনগোষ্ঠীক সংগঠিত কৰি বৰ অসমৰ ভেঁটি গঢ়ি থৈ গৈছে । তেওঁ অসমক কেতিয়াও ভাগ ভাগ কৰা নাছিল । সকলো জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰখা অসমক আকৌ ভাগ ভাগ কৰিবলৈ আহোম জনগোষ্ঠীয় সংগঠনটোৱে কৰা আহোমলেণ্ডৰ দাবী (Ahomland demand of TAYPA) কেতিয়াও বাস্তৱ হ'ব নোৱাৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেতাগৰাকীয়ে ।
লগতে টাইপা সংগঠনটোক সমালোচনা কৰি পদত্যাগী নেতাগৰাকীয়ে কয় যে বিভিন্ন সময়ত জনগোষ্ঠীৰ বিভিন্ন সমস্যা-দাবী সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই । আনহাতে যেনেদৰে চৰকাৰক জনগোষ্ঠীৰ স্বাৰ্থত হেঁচা প্ৰয়োগ কৰিব লাগে সেয়া নকৰা বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে (Resigned leader criticized TAYPA)। যাৰ বাবে সংগঠনটোৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি প্ৰায় ২০ বছৰে টাইপাৰ সৈতে জড়িত থকা ৰাণা ৰঞ্জন গগৈয়ে পদত্যাগ কৰে ।