অসম

assam

ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মূল তোৰণ মুকলি বিধায়ক তৰংগ গগৈৰ - শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন

হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে নাহৰকটীয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনস্থলী ৷ মাঙ্গলিক ধ্বনিৰে আধ্যাত্মিক পৰিৱেশত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে শুভাৰম্ভ কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মূল তোৰণ ৷

mla-taranga-gogoi-inaugurates-main-gate-of-91st-annual-session-of-srimanta-sankardev-sangha
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মূল তোৰণ মুকলি বিধায়ক তৰংগ গগৈৰ

By

Published : Feb 25, 2022, 6:56 PM IST

মৰাণ, 25 ফেব্ৰুৱাৰী : হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে নাহৰকটীয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনস্থলী ৷ শুকুৰবাৰৰ পৰাই বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাঙলীপথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন(91st Annual Session of srimanta Sankardev Sangha) ৷

মাঙ্গলিক ধ্বনিৰে আধ্যাত্মিক পৰিৱেশত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে শুভাৰম্ভ কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মূল তোৰণ ৷ অধিৱেশনৰ আৰম্ভনিতে পৰিৱেশ নিকাকৰণ কাৰ্য্যসূচীৰ লগতে ৯১ টা গছপুলি ৰোপণ কৰে অধিৱেশনখনত উপস্থিত ৯১ গৰাকী বিশিষ্ট ব্যক্তিয়ে ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মূল তোৰণ মুকলি বিধায়ক তৰংগ গগৈৰ

ইফালে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে মূল তোৰণ উন্মোচন কৰাৰ পাছতেই নামঘৰ, আদৰণি সমিতি, মূল কাৰ্যালয়ৰ দ্বাৰ, জিলা কাৰ্যালয়, গ্ৰন্থমেলা আদিৰ তোৰণ উন্মোচন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা সমিতিয়ে ।

লগতে পঢ়ক :বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশন

For All Latest Updates

ABOUT THE AUTHOR

...view details