ডিব্ৰুগড়, 7 মাৰ্চ : চৰকাৰৰ লগত গোপন বুজাবুজি কৰি আন্দোলন কৰিলে গ্ৰেপ্তাৰ নহয়। কিন্তু গোপন বুজাবুজি নকৰিলেই গ্ৰেপ্তাৰ হয়। এইবাৰ এই বিস্ফোৰক অভিযোগ আহোম জনগোষ্ঠীয় সংগঠন টাইপাৰ । কৃষক নেতা অখিল গগৈৰ উন্নত চিকিৎসাৰ দাবীৰে ডিব্ৰুগড়ত অনুষ্ঠিত এক সংবাদমেলত টাই আহোম যুৱ পৰিষদৰ এই আওপকীয়া অভিযোগ ৷ কৃষক নেতা অখিলৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্যত প্ৰৱল দাবী অব্যাহত আছে যদিও চিকিৎসাৰ নামত ভেকোভাৱনা কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। যদি চৰকাৰৰ ওচৰত অখিলৰ চিকিৎসাৰ বাবে ধন নাই ,তেন্তে অখিলৰ চিকিৎসাৰ ধন টাইপাই দিব বুলি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদ মেলত মন্তব্য সংগঠনটোৰ ।
অখিলক উন্নত চিকিৎসা নকৰি জি এম চি এইছলৈ আনি পুনৰ কাৰাগালৈ নিক্ষেপ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া টাইপাৰ। লগতে অখিলক হত্যাৰ ষড়যন্ত্ৰ কৰিয়েই চৰকাৰে এনেদৰে NIAৰ ভুৱা গোচৰ জাপি দিছে বুলিও ক'ব খোজে টাইপাই । মুখ্যমন্ত্ৰী, এম এল এৰ সাধাৰণ অসুস্থতাত বিদেশত চিকিৎসা কৰোৱা হ'ল হেতেন বুলি কৈ অখিলৰ ক্ষেত্ৰত মানৱ অধিকাৰ ভংগৰ অভিযোগ টাইপাৰো ।