অসম

assam

ETV Bharat / state

Road Accident at Moran: দূৰ্ঘটনাগ্ৰস্ত হৈ টাইপা নেতা মৌচম গগৈৰ মৃত্যু

নিশা সংঘটিত এক পথ দূৰ্ঘটনাত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৌচম গগৈৰ অকাল মৃত্যু (TYPA leader died in Accident) ৷ দীৰ্ঘদিন টাই আহোম যুৱ পৰিষদৰ সৈতে জড়িত, নিষ্ঠাবান কৰ্মী মৌচম গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই ৷

By

Published : Jan 8, 2022, 9:01 PM IST

Road Accident at Moran
দূৰ্ঘটনাগ্ৰস্ত হৈ টাইপা নেতা মৌচম গগৈৰ মৃত্যু

মৰাণ, 8 জানুৱাৰী: মৰাণৰ নিতাই পথত নিশা সংঘটিত এক পথ দূৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৌচম গগৈয়ে (৪০) (TYPA leader died in Accident) ৷ মৰাণৰ চ্যুকাফা নগৰৰ নিবাসী মৌচম গগৈয়ে নিশা নিজৰ এএচ ০৬ জেদ ১৪১৫ নম্বৰৰ স্কুটীৰে ঘৰৰ পৰা বিশেষ কামত ওলাই যাওঁতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এখন পকী দেৱালত খুন্দা মাৰে । গুৰুতৰভাৱে আহত যুৱকজনক নিশাই স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

2014 চনৰে পৰা টাই আহোম যুৱ পৰিষদ(টাইপা)ৰ সৈতে এগৰাকী সক্ৰিয় কৰ্মী হিচাপে ওতঃপ্ৰোতভাৱে জড়িত আছিল প্ৰয়াত মৌচম গগৈ ৷ নিষ্ঠাৱান কৰ্মীগৰাকীৰ মৃত্যুত টাই আহোম যুৱ পৰিষদে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক:Minor girl rescue in kolkata : কলকাতাত উদ্ধাৰ বৰপেটাৰোডৰ সন্ধানহীন কিশোৰী

ABOUT THE AUTHOR

...view details