অসম

assam

ETV Bharat / state

ST status demand: জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ভিন্ন স্থানত ATASUৰ প্ৰতিবাদ - Tai Ahom student union

জনগোষ্ঠীয় লোকসকলক জনজাতিকৰণৰ দাবীত মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ(ST status demand) ৷

জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ভিন্ন স্থানত ATASUৰ প্ৰতিবাদ
জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ভিন্ন স্থানত ATASUৰ প্ৰতিবাদ

By

Published : Dec 22, 2021, 3:43 PM IST

নগাঁও/মৰাণ, 22 ডিচেম্বৰ : জনজাতিৰ মৰ্য্যদা বিচাৰি বিগত ৩৩ বছৰে আন্দোলন কৰি আহিছে ৰাজ্যৰ ছয় জনগোষ্ঠীয়ে ৷ ৩৩ বছৰে প্ৰাপ্য দাবীৰ বাবে কৰি অহা প্ৰতিবাদৰ বিপৰীতে প্ৰতিখন চৰকাৰৰ পৰা কেৱল পাই আহিছে প্ৰতাৰণা ৷

চৰকাৰ আহিছে, চৰকাৰ গৈছে; কিন্তু আজি পৰ্যন্ত ৰাজ্যৰ এই 6 জনগোষ্ঠীৰ লোকসকলৰ সমস্যাৰ সমস্যা হৈয়ে থাকিল ৷ প্ৰতিখন চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেৱল প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন কৰি আহিছে জনগোষ্ঠীকেইটাৰ নেতৃত্ব লৈ অহা দল সংগঠনসমূহে (ST status demand) ৷

জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ভিন্ন স্থানত ATASUৰ প্ৰতিবাদ

এই ছয় জনগোষ্ঠীয় লোকসকলক শীঘ্ৰে জনজাতিকৰণৰ দাবীত মঙলবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে(All tai ahom students union protetst)। অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁও জিলা উপায়ুক্ত কাৰ্যলায়ৰ সমীপত ৰূপায়ন কৰা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত উপস্থিত থাকে টাই আহোম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰিংকু বৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৷

জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ভিন্ন স্থানত ATASUৰ প্ৰতিবাদ

একেধৰণে চৰাইদেউৰ সোণাৰিতো দেখিবলৈ পোৱা গ'ল আটাছুৰ ধৰ্মঘট কাৰ্য্যসূচী ৷ টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সোণাৰিৰ লাচিত উদ্যানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে(ATASU Protest at Sonari) ৷

লগতে পঢ়ক :ATASU Protest in Jorhat : জনজাতিকৰণৰ দাবীত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details