অসম

assam

ETV Bharat / state

National Level Football competition in Dibrugarh : স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী পঞ্চম বাৰ্ষিক ফুটবল প্রতিযোগিতাৰ আয়োজন - ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্রণমূলক ফুটবল প্রতিযোগিতা

১৫ ডিচেম্বৰৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী পঞ্চম বাৰ্ষিক দিবা-নৈশ ফুটবল প্রতিযোগিতা (National Level Football competition in Dibrugarh) । ৰাজ্যৰ কেইবাটাও দলৰ লগতে বেংগালুৰু, কেৰালা, ছিকিম, মেঘালয়, ৰাজস্থান আৰু পশ্চিমবংগৰ ফুটবল দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

Football competition in Dibrugarh
স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী পঞ্চম বাৰ্ষিক ফুটবল প্রতিযোগিতা

By

Published : Dec 2, 2021, 12:39 PM IST

মৰাণ, ২ ডিচেম্বৰ: চলিত মাহতে ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী পঞ্চম বাৰ্ষিক দিবা-নৈশ ফুটবল প্রতিযোগিতা(National Level Football competition in Dibrugarh) । ১৫ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্রণমূলক ফুটবল প্রতিযোগিতাখন ।

সৰ্বভাৰতীয় ফুটবল সন্থাৰ পৰা অনুমোদন লাভ কৰাৰ পাচতে অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত তথা ডিব্ৰুগড়-তিনিচুকীয়া জিলা ক্রীড়া সন্থাৰ সহযোগত এই খেলখন আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছে । বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি আয়োজক সমিতিয়ে এই কথা জানিবলৈ দিয়ে ।

ডিব্ৰুগড় মিলনজ্যোতি সংঘ, জেৰাই ইয়ংষ্টাৰ সংঘ আৰু বৰগুৰি আঞ্চলিক ক্রীড়া সন্থাৰ আতিথ্যত চৌকিডিঙি খেলপথাৰ, জেৰাই আঞ্চলিক ক্রীড়া সন্থা আৰু যুৱ পৰিষদৰ আতিথ্যত জানমুখ আৰু বৰগুৰি খেলপথাৰত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী দিবা-নৈশ প্ৰাইজমানি আৰু চলন্ত ট্ৰফী ফুটবল প্রতিযোগিতা অনুষ্ঠিত কৰা হ'ব ।

১৫ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত বেংগালুৰু, কেৰালা, ছিকিম, মেঘালয়, ৰাজস্থান আৰু পশ্চিমবংগকে ধৰি ৬ টা দলে অংশগ্ৰহণ কৰিব । অসমৰ অইল ইণ্ডিয়া একাদশ, অসম ৰাজ্যিক পৰিবহণ নিগম, অসম আৰক্ষী, বঙাইগাঁও ফুটবল ক্লাব, কাৰ্বি আংলং ফুটবল ক্লাব, যোৰহাট ফুটবল একাদশ, চিৰাং আৰু বডোচা স্পৰ্টছ ক্লাবেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই খেলখনৰ বাবে প্ৰায় এক কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে । বুধবাৰে সংবাদমেলত খেল আয়োজক সমিতিৰ মুখ্য সম্পাদক মিণ্টু বৰপাত্ৰই কয় যে, স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ত্যাগ আৰু সাহসৰ বলত যিদৰে মটক জনগোষ্ঠীটোৰ বিজয় গাঁথাই ইতিহাসত এক সোণালী অধ্যায়ৰ সূচনা কৰিছিল, ঠিক তেনেদৰে এই ফুটবল খেলখনৰ জৰিয়তে অসমৰ সকলো জনগোষ্ঠীৰ লোকৰ মাজত এক সমন্বয় বাট মুকলি কৰিব ।

মটক স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিদ চেতিয়াই ফুটবল খেলখনে নতুন প্ৰজন্মক অধিক উৎসাহিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰে । সংবাদমেলত মটক যুব ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰঞ্জিত গোঁহাই, উপ-সভাপতি অজয় গগৈ, সন্মিলনৰ পৰিৱেশ আৰু পৰ্যটনৰ সম্পাদক গিৰিশ পাত্ৰ, প্ৰচাৰ সম্পাদক গোলাপ লাহন আদিকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: অঞ্জু ববী জৰ্জলৈ বিশ্ব এথলেটিকছৰ Woman of the Year বঁটা

For All Latest Updates

ABOUT THE AUTHOR

...view details