অসম

assam

By

Published : Dec 11, 2020, 4:10 PM IST

ETV Bharat / state

অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি ডিব্ৰুগড়ত শ্বহীদ বেদী উন্মোচন

অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি ডিব্ৰুগড়ত শ্বহীদ বেদী উন্মোচন কৰা হয় ৷ মোহনবাৰীত উন্মোচন কৰা হয় শ্বহীদ বেদীটো ৷ উপস্থিত বহু দল-সংগঠনৰ ব্যক্তি ৷

swahid-bedi-inauguration-at-moran
অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি ডিব্ৰুগড়ত শ্বহীদ বেদী উন্মোচন

ডিব্ৰুগড়, 11 ডিচেম্বৰ :শ্বহীদ দিৱসৰ দিনাই ডিব্ৰুগড় বিমান বন্দৰ সমীপত অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি শ্বহীদ বেদী উন্মেচন কৰা হয় ৷ মোহনবাৰীৰ কেইজনমান সচেতন ব্যক্তি ক্ৰমে, ৰুবুল বৰুৱা, প্ৰফুল্ল বৰুৱা, ভাস্কৰ বৰুৱা, উজ্জ্বল গোহাঁই আৰু উত্তম শৰ্মাৰ উদ্যোগত আৰু মোহনবাৰী গাঁও পঞ্চায়তৰ সহযোগত উন্মোচন কৰা হয় শ্বহীদ বেদীটো ।

শ্বহীদ বেদী উন্মোচন কৰাৰ মূহুৰ্ত

শ্বহীদ বেদীটো উন্মোচন কৰে মোহনবাৰী গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জন বৰুৱাই । অনুষ্ঠানত ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটছাকে প্ৰমুখ্য কৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

শ্বহীদ বেদী উন্মোচন কৰাৰ মূহুৰ্ত

উল্লেখ যে, অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে 1979 চনৰ 10 ডিচেম্বৰত প্ৰাণ হেৰুৱাইছিল আৰু সেই দিনটোত ৰাজ্যবাসীয়ে পালন কৰি আহিছে শ্বহীদ দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ডিব্ৰুগড়তো শ্বহীদ দিৱস পালন কৰা হয় ।

লগতে পঢ়ক :ঐতিহাসিক নামদাং নৈত খনন একাংশ ভূ-মাফিয়াৰ

ABOUT THE AUTHOR

...view details