ডিব্ৰুগড়, 13 ছেপ্টেম্বৰ :কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে স্বচ্ছ ভাৰত আঁচনি ৰূপায়নত খৰচ কৰিছে কোটি কোটি টকা । তেনে এক সময়তে ডিব্ৰুগড়ৰ খোৱাঙত ধোঁৱাচাঙত উঠিছে স্বচ্ছ ভাৰত আঁচনিখন । স্বচ্ছতাৰ নামত অভিলাষী আঁচনি ৰূপায়ন কৰা সময়তে জাৱৰে-জোথৰে এক প্ৰকাৰে কদৰ্যময় কৰি তুলিছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ পুৰণা বাছ আস্থান । এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷
অঞ্চলটোৰ ৰাইজে উল্লেখ কৰা অনুসৰি, দ’মে দ’মে গেলা-পচা জাৱৰেৰে ভৰি পৰিছে উক্ত বাছ আস্থানটোৰ চৌহদ । বৰ্তমান অব্যৱহৃত হৈ থকা এই বাছ আস্থানটোত এতিয়া কেৱল জাৱৰ আৰু জাৱৰ (Swachh Bharat scheme become insignificant) । এই সন্দৰ্ভত কাণষাৰ নাই দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষৰ ৷
স্থানীয় একাংশ লোকে উল্লেখ কৰা অনুসৰি, খোৱাং টাউনৰ একাংশ অসচেতন লোকে দৈনিক এই ঠাইডোখৰত জাৱৰ-জোথৰ পেলায় । যাৰ ফলত গেলা-পচা জাৱৰৰ দুৰ্গন্ধৰ কাষেৰে পাৰ হৈ যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে । ইফালে এই জাৱৰ নিষ্কাষণৰ বাবে খোৱাং ব্যৱসায়ী সন্থালৈ সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ পৰা এখন বাহনো প্ৰদান কৰা হৈছিল ৷ কিন্তু বৰ্তমান এই বাহনখন ফুলদানি সদৃশ সজাই থোৱাহে পৰিলক্ষিত হৈছে (Swachh Bharat scheme in Khowang) ।