মৰাণ, 13 ছেপ্তেম্বৰ : ‘‘মিডিয়াত মই ৰাইজৰ দলৰ নামটো শুনো ৷ অখিল গগৈ ডাঙৰীয়াৰ ৰাইজৰ দলটো এটা ৰাজনৈতিক দল নহয় ৷ বৰং এইটো এটা নিৰ্দলীয়হে ৷ য’ত নিৰ্বাচন আয়োগে স্বীকৃতি দিয়াই নাই, সেয়া কেনেকৈ ৰাজনৈতিক দল হ’ব পাৰে’’ ৷
দেওবাৰে বিধায়ক অখিল গগৈ(Akhil Gogoi) আৰু তেওঁৰ নেতৃত্বাধীন ৰাইজৰ দলৰ(Raijor Dal) এইদৰে সমালোচনা কৰে থাওৰা সমষ্টিৰ(Thowra Constituency) বিজেপি দলৰ টিকট প্ৰত্যাশী তথা প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহায়ে(Sushanta Borgohain) ৷ উপ নিৰ্বাচনৰ(By Election) পূৰ্বে এতিয়া ৰাজ্যৰ ৰাজনৈতিক নেতাসমূহৰ মাজত চলিছে বোকা ছটিওৱাৰ ৰাজনীতি ৷
উজনি অসমৰ থাওৰা সমষ্টিতো(Thowra Constituency) এতিয়া বলিছে উপ নিৰ্বাচনৰ(By Election) গৰম বতাহ । বিধায়ক অখিল গগৈৰ(Akhil Gogoi) নেতৃত্বত ৰাইজৰ দলে(Raijor Dal) থাওৰাৰ উপ নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰাৰ লেখীয়াকৈ শাসকীয় দল বিজেপিয়েও আৰম্ভ কৰিছে নিৰ্বাচনকেন্দ্ৰিক কাম-কাজ ।