মৰাণ,17 মাৰ্চঃৰাজনীতিত ধন, বাহুবল আৰু আবেগ সকলো প্ৰয়োজন । আবেগেই বহু সময়ত প্ৰাৰ্থীজনৰ জয়ৰ বাবে সহজ মাধ্যম হৈ পৰে । শেহতীয়াকৈ মাহমৰাতো দেখা গৈছে তেনে পৰিৱেশ । কোনো কোনো প্ৰাৰ্থীয়ে জাতীয়তাবাদক লৈ ৰাইজৰ মাজত আৱেগ সৃষ্টি কৰি ভোট আদায় কৰিবলৈ চেষ্টা কৰিছে, আন কোনোবাই অন্য কৌশল অৱলম্বন কৰিছে । ৰাজ্যৰ ৰাজনীতিত এতিয়া এনে দৃশ্য হৈ পৰিছে সুলভ ৷
মাহমৰাত কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াৰ নিৰ্বাচনী প্ৰচাৰ - গামোচা পিন্ধা
105 নং মাহমৰা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াই ৰাইজৰ দলৰ প্ৰাৰ্থী লোহিত গগৈৰ ঘৰত উপস্থিত হৈ গগৈৰ মাতৃক গামোচা পিন্ধাই চৰণ চুই আশীৰ্বাদ বিচৰা দেখা গৈছে ৷

মাহমৰাত কংগ্ৰেছ প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ নিৰ্বাচনী প্ৰচাৰ
তাৰ মাজতে 105 নং মাহমৰা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াই ৰাইজৰ দলৰ প্ৰাৰ্থী লোহিত গগৈৰ ঘৰত উপস্থিত হৈ গগৈৰ মাতৃক গামোচা পিন্ধাই চৰণ চুই আশীৰ্বাদ বিচাৰে । কংগ্ৰেছ প্ৰাৰ্থীজনৰ এনে কাৰ্যক নেতাজনৰ মহানুভৱতাৰ পৰিচয় বুলি ক'লেও আন একাংশই আৱেগৰ ৰাজনীতি কৰা বুলি সমালোচনা কৰা দেখা গৈছে ।
লগতে পঢ়কঃৰঙিয়াৰ প্ৰাৰ্থী দেবব্ৰত কলিতাৰ মনোনয়ন প্ৰত্যাহাৰ