অসম

assam

ETV Bharat / state

লক ডাউনৰ মাজতে খোৱাঙত চিত্ৰ শিল্পীৰ চমক - ইণ্ডিয়া বুক অফ্ ৰেকৰ্ড

চকু বান্ধি আঁকিব পাৰে এখনৰ পিছত আনখন ছবি ৷ চিত্ৰশিল্পী দিপু বৰাৰ অনন্য প্ৰতিভা ৷

surprising art during the lockdown by talented artist
লক ডাউনৰ মাজতে খোৱাঙত চিত্ৰ শিল্পীৰ চমক

By

Published : Apr 18, 2020, 7:39 PM IST

মৰাণ,18 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে এতিয়া লকডাউন ৷ সকলো বন্দী নিজ গৃহত ৷ লক ডাউনৰ এই সময়ত সকলোৱে কৰি গৈছে নিজৰ মন পচন্দৰ কাম ৷ নিজ গৃহতে ব্যস্ত সকলো ৷ কিন্তু লক ডাউনৰ এই সময়ত ঘৰতে থাকি অনুশীলন কৰি চকুত কাপোৰ বান্ধি যিকোনো ব্যক্তিৰ ছবি হুবহু আঁকি সমগ্ৰ ৰাজ্যতে চৰ্চিত হৈ পৰিছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ দিপু বৰানামৰ এগৰাকী চিত্ৰ শিল্পী ৷ চকু বান্ধি কম সময়তে আঁকিব পাৰে এখনৰ পিছত আনখন ছৱি ৷ ইয়াৰ লগতে একে সময়তে দুখন হাত আৰু ভৰি ব্যৱহাৰ কৰি চাৰি খনকৈ যিকোনো ছবিও আঁকিব পাৰে চিত্ৰশিল্পীগৰাকীয়ে ৷ এইগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পী দিপু বৰাৰ কৰ্মৰাজিক লৈ এতিয়া গৌৰৱান্বিত পিতৃ-মাতৃৰ লগতে সমগ্ৰ খোৱাংবাসী ৷

লক ডাউনৰ মাজতে খোৱাঙত চিত্ৰ শিল্পীৰ চমক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details