টিংখাং,10 মাৰ্চ:টিংখাঙৰ ৰাজপথত আজি দেখা গ’ল আগতীয়া ৰঙালীৰ দৃশ্য ৷ চৌদিশে কেৱল ঢোল, পেঁপা, গগণা, মাদলৰ ধ্বনি ৷ বিহু, ঝুমুৰ, দেউচি, হোলী আদি নৃত্যৰ দলে নৃত্য কৰি আদৰি অনা হৈছে টিংখাঙৰ বিধায়ক বিমল বড়াক ৷
সহস্ৰাধিক লোকে পিছে পিছে বিমল বড়া জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, নৰেন্দ্ৰ মোডী জিন্দাবাদ, টিংখাঙত পুনৰবাৰ বিমল বড়া জিন্দাবাদ ধ্বনি দি আগবাঢ়ি আহে ৷ পুষ্পবৃষ্টিৰে আদৰি আনে বিধায়ক বিমল বড়াক ৷ প্ৰায় এক কিল’মিটাৰ পথ শোভাযাত্ৰা কৰি ৰাজগড়স্থিত নিধিবন বিবাহ ভৱনত উপস্থিত হয় বিধায়কগৰাকী ৷