অসম

assam

Japanese Encephalitis at AMCH: সামান্য জ্বৰ, মূৰ বিষ হ'লেই চিকিৎসকৰ ওচৰলৈ যাবলৈ আহ্বান অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷ জ্বৰ হ’লেই চিকিৎসক কাষ চাপিবলৈ আহ্বান অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙীয়াৰ ৷

By

Published : Aug 9, 2023, 8:12 PM IST

Published : Aug 9, 2023, 8:12 PM IST

Japanese Encephalitis at AMCH
অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙীয়া

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙীয়া

ডিব্ৰুগড়, ৯ আগষ্ট:ডিব্ৰুগড় জিলাত জাপানীজ এনকেফেলাইটিছ, ডেংগুৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে । জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় জিলাখনত বহুকেইজনৰ মৃত্যু হৈছে ৷ জাপানীজ এনকেফেলাইটিছৰ সন্দৰ্ভত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙীয়াই বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, বিগত বৰ্ষসমূহতকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত এইবাৰ জাপানীজ এনকেফেলাইটিছ ৰোগতকৈ জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগীত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ।

মাৰ্চ-এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ এই ৰোগৰ অধিক প্ৰাদুৰ্ভাৱ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, বিগত এপ্ৰিল মাহৰ পৰা জুলাইলৈকে অসম চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত দুই-এজনহে ৰোগীকহে ভৰ্তি কৰা হৈছিল ৷ কিন্তু ইয়াৰ বিপৰীতে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ৰোগী সংখ্যা সৰ্বাধিক আছিল । এই ৰোগত শিশু ৰোগী আছে ৷ একেদৰে জাপানীজ এনকেফেলাইটিছতকৈ জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগীত আক্ৰান্ত হৈ অধিক ৰোগীৰ মৃত্যু হৈছে । বিশেষকৈ তিনিচুকীয়া, চৰাইদেউ, ধেমাজি, লক্ষীমপুৰ, অৰুণাচলকে আদি কৰি উজনিৰ কেইবাখনো জিলাৰ ৰোগীৰ চিকিৎসা চলিছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ।

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙীয়াই সামান্য জ্বৰ, মূৰ বিষ হ'লেই চিকিৎসকৰ ওচৰলৈ যাবলৈ আহ্বান জনাইছে । লগতে অধীক্ষকগৰাকীয়ে কয় ঘৰতে জ্বৰৰ ঔষধ খাই শেষত চিকিৎসালয়লৈ অহা সকলে মৃত্যুক আকোঁৱালি লৈছে । অসম চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হোৱা অধিকাংশই ব্যক্তিগত চিকিৎসালয় পৰা শেষ পৰ্যায়ত অহা । নিজক এই সময়ত বচাই ৰাখিবলৈ ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙীয়াৰ ।

লগতে পঢ়ক:Assam Japanese encephalitis update:লখিমপুৰত জাপানীজ এনকেফেলাইটিছত চৈধ্যজন আক্ৰান্ত

ABOUT THE AUTHOR

...view details