মৰাণ, ২ ডিচেম্বৰ :আজি চুকাফা দিৱস (Sukapha Divas) । ৰজাঘৰৰ লগতে প্ৰজাঘৰেও আয়োজন কৰিছে চুকাফা দিৱস তথা অসম দিৱসৰ কাৰ্যসূচী (Asom Divas celebrated in Assam) । বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং চুকাফাৰ শৌৰ্য-বীৰ্য-পৰাক্ৰমক সুঁৱৰি প্ৰতিবছৰে পালন কৰি অহা হৈছে অসম দিৱস ।
কিন্তু অতি পৰিতাপৰ কথা যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণি কৰোঁতা এইগৰাকী মহান ব্যক্তিৰ সমাধিস্থল আজিও অৱহেলিত, অনাদৃত তথা উপেক্ষিত হৈ আছে (Sukapha Moidam) । সুদূৰ মুংমাওৰপৰা পদব্ৰজে পাটকাই পৰ্বত পাৰ হৈ সৌমাৰখণ্ডত সাতৰাজ মাৰি এক ৰাজ কৰি আহোম ৰাজশাসনৰ জৰিয়তে বৰ অসম গঢ়া স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ সমাধিস্থল এতিয়া বেদখলকাৰীৰ কবলত ।
ছশ বছৰীয়া আহোম (Ahom Kingdom) ৰাজত্বকালৰ প্ৰথমগৰাকী স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ সমাধিস্থল অৰ্থাৎ মৈদাম সুদীৰ্ঘকাল অচিনাক্ত হৈ থকাৰ পাছত ২০১৪-১৫ বৰ্ষত উদ্ধাৰ কৰা হৈছিল মৈদামটো । একাংশ আহোম গৱেষক তথা আহোম জনগোষ্ঠীয় সংগঠনৰ তৎপৰতাত চাহ বাগিচা অঞ্চলৰ মাজত চাৰিটা মৈদাম উদ্ধাৰ কৰি চিনাক্তকৰণ কৰাৰ লগতে পৰৱৰ্তী সময়ত চুকাফাৰ মৈদামটোত বেৰ দি সংৰক্ষণৰ কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছিল (first Ahom king Saolung Sukapha) ।