ডিব্ৰুগড়,২০ নৱেম্বৰ:উল্লেখ্য যে বিশ্বব্যাপী শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ জুনত পালন কৰা হয় শিশু শ্ৰমিক বিৰোধী দিৱস । কিন্তু অতি পৰিতাপৰ কথা যে, শিশু শ্ৰমিক হ্ৰাসৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনে দিনে বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা(Increases in child labours in Assam) ।
সেয়ে শিশু শ্ৰমিক প্ৰতিৰোধৰ বাবে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰে উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে(DU students awareness campaign to prevent child labour) । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা শনিবাৰে শিশু শ্ৰমিকৰ ওপৰত এখনি ব্যতিক্ৰমী সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে । বিশ্ববিদ্যালয়খনৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে চহৰখনৰ থানা চাৰিআলিত এক দেৱাল লিখন কাৰ্যসূচীৰ জৰিয়তে শিশু শ্ৰমিক প্ৰতিৰোধৰ বাবে সজাগতা সৃষ্টি কৰে ।
শিশু শ্ৰমিক সকলক বিভিন্ন কামত নিয়োজিত কৰি কি ধৰণে অত্যাচাৰ চলোৱা হয় সেই সন্দৰ্ভত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে । শনিবাৰৰ পৰা অহা ৩০ নৱেম্বৰলৈকে ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থানত এই দেৱাল লিখন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি প্ৰকাশ কৰে ।