অসম

assam

By

Published : Dec 4, 2021, 7:19 PM IST

ETV Bharat / state

Covid in school : ক’ভিডৰ বাবে ডিব্ৰুগড় শিক্ষা ভেলী স্কুল বন্ধৰ নিৰ্দেশ

ৰাজ্য চৰকাৰে ক'ভিড ভেকচিন দিয়াৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তে ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানত ভয়ংকৰভাৱে ক'ভিড সংক্ৰমণ(Covid transmission in school of Dibrugarh) । ক'ভিডৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে ৭ দিনলৈ শিক্ষা ভেলী স্কুল বন্ধৰ নিৰ্দেশ বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীৰ(Covid in Siksha valley school of Dibrugarh ) ।

students-of-dibrugarh-siksha-valley-school-tested-covid-positive
Covid in school : ক’ভিডৰ বাবে ডিব্ৰুগড় শিক্ষা ভেলী স্কুল বন্ধৰ নিৰ্দেশ

মৰাণ, 4 ডিচেম্বৰ : ক’ভিড সৃষ্ট লকডাউনৰ পিছত দীৰ্ঘ সময়ৰ অন্তত খুলি দিয়া হৈছিল ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ (Reopening the schools after covid pandemic) ৷ ৰাজ্য চৰকাৰে ক'ভিড ভেকচিন দিয়াৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তে ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী এতিয়া আক্ৰান্ত হৈছে এই মহামাৰীত(Students infected by covid in assam) ৷ ইখনৰ পিছত সিখনকৈ বিদ্যালয়ত এইদৰে ছাত্ৰ-ছাত্ৰী ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে উদ্বিগ্নতাৰ ৷

বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ লগতে বিপাঙত পৰিছে এই শিক্ষানুষ্ঠান সমূহৰ কৰ্তৃপক্ষ তথা শিক্ষক সকল ৷ শেহতীয়াকৈ, ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানত ভয়ংকৰভাৱে ক'ভিড সংক্ৰমণ(Covid transmission in school of Dibrugarh) । ক'ভিডৰ ভয়াৱহ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ৭ দিনলৈ শিক্ষা ভেলী স্কুল বন্ধৰ নিৰ্দেশ বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীৰ(Covid in Siksha valley school of Dibrugarh ) ।

উল্লেখ যোগ্য যে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কৰা ক'ভিড টেষ্টত ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত পোৱা গৈছে ক'ভিডৰ অৱস্থিতি । জানিব পৰা মতে, এতিয়াও বিদ্যালয়খনৰ ১২ গৰাকী ছাত্ৰ- ছাত্ৰীৰ ক'ভিড পৰীক্ষা কৰা হোৱা নাই । ইফালে, বৰ্তমানলৈকে ডিব্ৰুগড় জিলাখনত ক'ভিডৰ বাবে বন্ধ হৈ পৰিছে দুখনকৈ বিদ্যালয় (2 schools in Dibrugarh is closed because of COVID)।

লগতে পঢ়ক :দিনত 6 বাৰকৈ গো-ধোৱে পত্নীয়ে : বিবাহ বিচ্ছেদৰ আবেদন স্বামীৰ, তৰিলে গোচৰ

ABOUT THE AUTHOR

...view details