ডিব্ৰুগড়, 20 নৱেন্বৰ: আঘোণ । তিনিটা আখৰৰ এক মায়ালগা শব্দ ৷ আঘোণ মানেই কৃষকৰ আশা, আঘোণ মানেই লেছেৰি বুটলাৰ বতৰ, লখিমীক ভঁড়াললৈ আদৰাৰ সুমধুৰ ক্ষণ । আঘোণ মানেই যেন গাঁৱৰ কৃষিজীৱী ৰাইজৰ বাবে এক ব্যস্ততাপূৰ্ণ মাহ । আঘোণে যেন মায়া জানে । সোণগুটিৰ সৌন্দৰ্যই যেন উদং পথাৰৰ বুকু জুৰায় । এতিয়া সোণোৱালী হৈছে আঘোণৰ পথাৰখন ।
কৃষকৰ সেউজীয়া সপোনবোৰ দিঠক হোৱাৰ সময় এয়া । কঠীয়া পৰাৰ পৰা প্ৰায় তিনি মাহৰ কষ্টৰ অন্তত সোণোৱালী হয় গ্ৰাম্যঞ্চলৰ প্ৰতিখন পথাৰ । ব্যস্ততা বাঢ়ে গাঁৱৰ জীয়াৰী, বোৱাৰী আৰু পুৰুষসকলৰ । কুঁৱলীৰ আৱৰণ ফালি কাঁচিৰ কিচকিচনিত সোণগুটি ধানে দাৱনীৰ লাহি হাতত তোলে নাচোনৰ তাল । আলিত বহি চুপতি মাৰি খোৱা ৰবাব টেঙাইও দি যায় এক সুকীয়া আস্বাদন । সঁচাই, আঘোণে লৈ আহে কোমল কোমল অনুভূতিৰ স্বাদ ।
এইসকলোবোৰৰ মাজত মৰাণ সমষ্টিৰ কুটুহা অঞ্চলৰ সোণোৱালী পথাৰত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য । দাৱনীৰ ৰূপত কুটুহা বীণাপাণি হাইস্কুলৰ এদল ছাত্ৰী । হাতত কাঁচি লৈ অনায়াসে ধান কাটি গৈছে ছাত্ৰীসকলে । মাজে মাজে জুৰিছে গীতৰ কলি (Students were seen busy growing paddy)।