অসম

assam

By

Published : Jan 18, 2023, 3:25 PM IST

ETV Bharat / state

Deprived from govt scheme: মৰাণত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এগৰাকী বৃদ্ধা

মৰাণত এগৰাকী ৮০ উৰ্দ্ধৰ বৃদ্ধাৰ জীৱন সংগ্ৰাম (Struggle of old woman in Maran)। আজিকোপতি তেওঁক কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই । তেওঁ জীৱনটো কটাইছে ভগা জুপুৰীত । বৃদ্ধাগৰাকীৰ জীৱন সংগ্ৰামে উদঙাই দিছে চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ ।

Poor people deprived from govt scheme in Moran
উৰুখা পঁ‌জাত জীৱন সংগ্ৰাম

উৰুখা পঁ‌জাত জীৱন সংগ্ৰাম

মৰাণ, ১৮ জানুৱাৰী:ৰাজ্য চৰকাৰে উন্নয়নৰ ৰঙীন বিজ্ঞাপন দি থকা সময়তেই ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিত বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছে বহুতো দৰিদ্ৰ লোক (Poor people deprived from govt scheme in Moran)। এতিয়াও এইসকল দৰিদ্ৰ লোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈ আছে । ইয়াৰ পিছতো যেন বিধায়ক চক্ৰধৰ গগৈৰ সমষ্টিটোত দৰিদ্ৰ লোকৰ জীৱনগাথা শুনিবলৈ আহৰি নাই । এই লোকসকলৰ অৱস্থা দেখিলে আপোনাৰো দুচকু সেমেকি উঠিব ।

চৰকাৰে আঁচনিৰে ৰাইজৰ মাজত চমক সৃষ্টি কৰাৰ সময়তে মৰাণ সমষ্টিৰ ৮০ উৰ্দ্ধৰ খনেশ্বৰী গগৈ নামৰ মহিলাগৰাকীয়ে উৰুখা পঁ‌জাত জীৱন সংগ্ৰাম চলাবলগীয়া হৈছে (Woman deprived from govt scheme at Moran)। সমষ্টিটোৰ তিলৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত ফটিকাছোৱা নাওকটা গাঁৱৰ মহিলাগৰাকীয়ে অতি কষ্টৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে । উৰুখা আৰু ভগ্নপ্ৰায় পঁ‌জাটোত তেওঁ কটাইছে অকলশৰীয়া জীৱন । অবিবাহিত মহিলাগৰাকীয়ে খাদ্য সামগ্ৰী যোগাৰ কৰাৰ ক্ষেত্ৰতো সমস্য়াৰ সন্মুখীন হৈছে । খুজি মাগি কোনোমতে পেটৰ ভাত মুঠি যোগাৰ কৰি আছে । কেতিয়াবা কোনো লোকে কিবা খাবলৈ দিলে সেয়াই হৈ পৰে দিনটোৰ খাদ্য়ৰ সমল ।

দীৰ্ঘদিন ধৰি কোনোধৰণৰ চৰকাৰী আঁচনি লাভ নকৰা মহিলা গৰাকীয়ে বছৰ বছৰ ধৰি গোহালী সদৃশ এক পৰিৱেশতেই জীৱন অতিবাহিত কৰিছে (Live struggled of poor woman in Moran) ৷ তেওঁৰ ঘৰত শুবলৈ নাই এখন ভাল বিচনা । ঘৰটোৰ ভগ্ন বেৰকেইখনৰ ফাঁকেৰে অতি সহজেই প্ৰৱেশ কৰিব পাৰে জীৱ-জন্তু আদিয়ে ৷ কোনো চৰকাৰী আঁচনিয়ে আজিলৈকে ঢুকি পোৱা নাই খনেশ্বৰী গগৈক । ভগ্ন বেৰৰ ফাঁ‌কেৰে কুকুৰ, ছাগলি, বান্দৰ আদিও সোমাই নষ্ট কৰে খাদ্য ।

এক কৰুণ জীৱন সংগ্ৰাম চলাই গৈছে মহিলাগৰাকীয়ে । এই দুৰ্ভগীয়া মহিলাগৰাকীৰ ওপৰত মৰাণ সমষ্টিৰ বিধায়কগৰাকীৰ লগতে কোনো সহৃদয় লোকৰ দৃষ্টি পৰিবনে বুলি ৰাইজে প্ৰশ্ন কৰিছে । যি সময়ত দৰিদ্ৰ লোকৰ বাবে মুখ্যমন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইবাখনো অভিলাষী আঁচনি ঘোষণা কৰিছে তেনে সময়তো আজি পৰ্যন্ত কোনো চৰকাৰী আঁচনিয়ে মহিলাগৰাকীক ঢুকি নোপোৱাটোৱেই চৰকাৰৰ প্ৰকৃত উন্নয়নৰ স্বৰূপ উদঙাই দেখুৱাইছে । অকলশৰে এটি ভঙা পঁজাত থকা মহিলাগৰাকীক এতিয়া প্ৰয়োজন ৰাইজৰ সহায়ৰ লগতে চৰকাৰী সাহায্য় ।

লগতে পঢ়ক:Upcoming election in NE: উত্তৰ-পূৱৰ ৩ খন ৰাজ্যত চৰকাৰ গঠনৰ লক্ষ্য বিজেপিৰ

ABOUT THE AUTHOR

...view details