অসম

assam

ETV Bharat / state

ইউৰীয়াৰ দাম বৃদ্ধি কৰিব নোৱাৰিব ব্যৱসায়ীয়ে: অতুল বৰা - ডিব্ৰুগড় জিলা

মৰাণত কৃষিমন্ত্ৰী অতুল বৰাৰ স্পষ্ট মত ৷ ইউৰীয়াৰ দাম বৃদ্ধি কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

strict-measures-will-be-put-in-hand-against-unscrupulous-traders-who-increase-the-price-of-urea
ইউৰীয়াৰ দাম বৃদ্ধি কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব: অতুল বৰা

By

Published : Jun 5, 2021, 3:54 PM IST

মৰাণ, 5 জুন : শালি খেতি বতৰত কৃষকৰ মূৰত ৰামটাঙোন সোধাই একাংশ অসাধু ব্যৱসায়ীয়ে ৰাসায়নিক সাৰ ইউৰীয়াৰ দাম বৃদ্ধি কৰাক লৈ সৰৱ হৈ পৰিছে কৃষি মন্ত্ৰী অতুল বৰা । শুকুৰবাৰে মৰাণত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, ‘ইউৰীয়াৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত জিলা উপায়ুক্ত সকলৰ সৈতে আলোচনা কৰি থকা হৈছে আৰু ইউৰীয়াৰ দাম বৃদ্ধি কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷’

ইউৰীয়াৰ দাম বৃদ্ধি কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব: অতুল বৰা

দ্বিতীয় বাৰৰ বাবে কৃষিমন্ত্ৰীৰ দ্বায়িত্বভাৰ পোৱাৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব পোৱাৰ পিছত পোন প্ৰথমে ডিব্ৰুগড় জিলাৰ মৰাণত মন্ত্ৰীগৰাকী উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন কামৰ বুজ লোৱাৰ লগতে লগতে কৃষিৰ ক্ষেত্ৰত উন্নয়নক লৈ নতুন পৰিকল্পনা কৰা কথাও ব্যক্ত কৰে ।

লগতে পঢ়ক:মুষলধাৰ বৰষুণত কৃত্ৰিম বানত বুৰিল নলবাৰী চহৰ

ABOUT THE AUTHOR

...view details